বাক্সাৰ জাখলিবিল পথাৰ গাঁৱত উদ্ধাৰ আঠ বছৰীয়া কন্যা শিশুৰ মৃতদেহ

WhatsApp Image 2020 11 05 at 8.40.45 PM

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত তথা বৰপেটা ৰোডৰ সমীপৱৰ্তী জাখলিবিল পথাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা এগৰাকী আঠ বছৰীয়া কন্যা শিশুৰ মৃতদেহ আজি সন্ধিয়া নিজ ঘৰৰ সমীপৰ এটা পৰিয়ালত উদ্ধাৰ হয় ৷

প্ৰাথমিক তদন্তত শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত জাখলিবিল পথাৰৰ বাসিন্দা খগেন সৰকাৰ আৰু গীতাৰাণী সৰকাৰৰ আঠ বছৰীয়া কন্যা নিকিতা সৰকাৰ বুধবাৰৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল৷পৰিয়ালৰলোকে বহু বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত আজি পুৱাৰ ভাগত শিমলাগুৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছিল৷

তাৰ পাছতেই আজি সন্ধিয়া কন্যা শিশুটিৰ ঘৰৰ সন্মুখত বাস কৰা বিতু বৰ্মন নামৰ বিবাহিত লোকজনৰ ঘৰৰ এটা আছুতীয়া কোঠাত উদ্ধাৰ হয় কণমানি নিকিতাৰ মৃতদেহ৷ সম্প্ৰতি বিতু বৰ্মন,তেওঁৰ পত্নী আৰু পুত্ৰ পলাতক অৱস্থাত থকালৈ লক্ষ্য কৰি বিতু বৰ্মনেই কণমানি নিকিতাক হত্যা কৰিছে বুলি আৰক্ষীৰ লগতে স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে৷

জানিব পৰা মতে কণমানি নিকিতাই সন্ধিয়াৰ সময়ত প্ৰতি দিনেই বিতু বৰ্মনৰ ঘৰত টিভি চাবলৈ আহিছিল আৰু আজি সেই বিতু বৰ্মনৰ ঘৰতেই উদ্ধাৰ হয় কণমানিজনীৰ নিথৰ দেহ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷

Exit mobile version