বিপিএফে একক সংখ্যাগৰিষ্ঠতাৰে বিটিচি পৰিষদ গঠনৰ পাছতে প্ৰথম কাম হ’ব ভূমিপাট্টা প্ৰদান কৰাঃহাগ্ৰামা মহিলাৰী

19b71008 6b7e 4e7f 9f05 e7bbbebee00c

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাগত ভাৱে তুংগত উঠিছে।সম্প্ৰতি প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চিৰাঙৰ ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পচলাবাড়ীত বিপিএফ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকে। সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফ দলে একক সংখ্যাগৰিষ্টতাৰে বিটিচিৰ পৰিষদ গঠন কৰিব ।

পৰিষদ গঠন কৰিয়ে প্ৰথম কাম হিচাবে বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিহীন লোকক ভূমি পাট্টা প্ৰদান কৰিব। লগতে মহিলাৰীয়ে কয় যে আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দল কোনো ফেক্টৰ নহয় ।

বিটিচিত যে এইবাৰ চতুৰ্থবাৰৰ কাৰণে বিপিএফে চৰকাৰ গঠন কৰিব এয়া নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে৷বিজেপিৰ লগত মিত্ৰতা সম্পৰ্কে হাগ্ৰামাই কয় যে নিৰ্বাচনৰ পিছত হে মিত্ৰতা সম্পৰ্কে আলোচনা হ’ব। আনহাতে নিৰ্বাচনী সভাত নৃত্য গীতত মতলীয়া হয় বড়ো জনগোষ্ঠীয় মহিলাসকলে।

চিৰাঙৰ পচলাবাৰীত অনুষ্ঠিত বিপিএফ দলৰ এই জনসভাত কে’বা হেজাৰ লোকৰ সমাগম হয় ।এই সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম, অসমৰ জনপ্ৰিয় অভিনেতা বিপুল ৰাভা, মনোজ দাসসহ বিপি এফ দলৰ বহু কেইজন নেতা উপস্থিত থাকে । চিৰাং জিলাৰ ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে এইখন সভা অনুষ্ঠিত হয় ৷

Exit mobile version