সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে চিৰাঙৰ বিজনীত সুধাকন্ঠৰ প্ৰতিমূৰ্তি উন্মোচন

WhatsApp Image 2020 11 05 at 5.12.30 PM

আজি বিশ্ববিশ্ৰুত শিল্পী তথা ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যু তিথি উপলক্ষে চিৰাং জিলাৰ বিজনী চহৰৰ সোঁ মাজত অৱস্থিত বিজনী জিৰণি চ’ৰাত স্থাপন কৰা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয় ।

কাৰ্যসূচী অনুসৰি আজি পুৱা ১০ বজাত বিজনী সত্ৰৰ আইসকলৰ নাম প্ৰসংগ, পুৱা ১০-৩০ বজাত বিশ্ববন্দিত শিল্পী ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া, চিন্তাশীল লেখক থানেশ্বৰ মালাকাৰে ।

পুৱা ১০-৪৫ বজাত স্মৰণিকা উন্মোচন কৰে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে । পুৱা ১১ বজাত স্মৃতি চাৰণ সভাখন বিজনীৰ প্ৰাক্তন মহকুমাধিপতি তথা ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি দিঠকানন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় ।

সভাত আলোচকৰূপে অংশ লয় চিন্তাশীল লেখক থানেশ্বৰ মালাকাৰ, চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা অসম নাট্য সন্মিসনৰ সভাপতি কুমাৰ দীপক দাসে । সুধাকন্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জনায় বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে।

Exit mobile version