ভাৰত-চীন সীমান্ত বিবাদে অতিক্ৰম কৰিলে সাতমাহ

rajnath 1

ভাৰত-চীন সীমান্ত বিবাদে সাতমাহ অতিক্ৰম কৰিলে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে পুনৰ আজি ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ সন্দৰ্ভত মন্তব্য কৰে । ৰাজনাথ সিঙৰ মন্তব্য যে “ভাৰত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে দৃঢ় প্ৰতিজ্ঞাবদ্ধ  ৷”

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে লগতে কয় “ভাৰত এখন শান্তিপ্ৰিয় দেশ । গতিকে মতবিনিময়ে কেতিয়াও বিবাদৰ ৰূপ ল’ব নালাগে । আমি মত বিনিময়ৰ দ্বাৰা শান্তিপূৰ্ণ সমাধানকহে গুৰুত্ব দিব লাগে ৷” ৰাজনাথ সিঙে লগতে কয় “ভাৰতে সীমাত শান্তি অটুট ৰাখিবলৈ চীনৰ লগত কৰা বিভিন্ন আলোচনাক সন্মান কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ।”

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ কাষৰীয়া দেশ পাকিস্তানক কটাক্ষ কৰি কয় “পাকিস্তানে এতিয়াও সন্ত্ৰাসবাদৰ প্ৰয়োগ ৰাজকীয়ভাৱে কৰি আছে ।”

উল্লেখযোগ্য যে ভাৰত আৰু চীনৰ মাজত চলিত বৰ্ষৰ মে’ৰ পৰা অব্যাহত আছে ৷  ইয়াৰ পাছৰে পৰা ভাৰত-চীনৰ মাজত উত্তেজনা অব্যাহত আছে । আনহাতে ভাৰত-চীনৰ উত্তেজনা হ্ৰাস কৰিবলৈ বহু উচ্চস্তৰীয় পৰ্যায়ৰ বৈঠক আৰম্ভ হৈছে ৷

Exit mobile version