শালবাৰীৰ খাৰিজা বিজনীত সুধাকণ্ঠৰ নৱম মৃত্যু বাৰ্ষিকী উদযাপন

6474240f 1863 4e67 a78c 997f8cd7e4d8

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বাক্সা জিলাৰ শালবাৰীৰ খাৰিজা বিজনীতো খাৰিজা বিজনী শাখা সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী পালন কৰা হয়৷পুৱা প্ৰথমে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষক, সমাজ সেৱক ভূৱনেশ্বৰ দাসে, সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অঞ্চলটোৰ সমাজসেৱক বিশ্বেশ্বৰ বৰ্মনে৷

লগতে অনুষ্ঠানটোত উপস্থিত ৰাইজে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলী অৰ্পন কৰে৷মৃত্যু বাৰ্ষিকী উপলক্ষে উদ্যোক্তাসকলে শিল্পীগৰাকীৰ লগত সংগতি ৰাখি গীত,নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিয়লিৰ ভাগত এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰে৷

আনহাতে বাক্সাৰ জালাহতো ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। বাক্সাৰ জালাহতো উদযাপন কৰা হৈছে বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী।

জালাহ শাখা সাহিত্য সভাৰ উদ্যোগত পালন কৰা সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তিত মাল্য অৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লগতে কণ কণ শিশু সকলৰ প্ৰতিভা বিকাশ কৰাৰ বাবে শিশুৰ মাজত চিত্ৰাংকন,নৃত্য গীতেৰে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।

Exit mobile version