সুধাকন্ঠৰ নৱম মৃত্যুবাৰ্ষিকীত জালুকবাৰীৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে

EmCtonIUcAEryFV

আজি ৫ নৱেম্বৰ, সুধাকন্ঠ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী । সমগ্ৰ অসমবাসীয়ে আজিৰ দিনটোত শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃত্যু দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্যবাসীয়ে ।

জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি অনুষ্ঠিত স্মৃতি তৰ্পনৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সুধাকন্ঠক স্মৰণ কৰি ভাষণ দিয়ে।

Exit mobile version