২০২১ৰ ফ্ৰেব্ৰুৱাৰীত মুকলি হ’ব পাৰে ভাৰত বায়’টেকৰ কৰ’না ভেকচিনঃ চৰকাৰী বিজ্ঞানী

coronavaccine1.v1

বিশ্বত সম্প্ৰতি আগবাঢ়িছে কৰ’নাৰ ভেকচিনৰ প্ৰস্তুতৰ পৰিকল্পনা  ৷ ইয়াৰ মাজতে ক’ভিদ-১৯ ৰ সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ চৰকাৰী বিজ্ঞানী কয় যে ২০২১ৰ ফ্ৰেব্ৰুৱাৰীত ক’ভিদ-১৯ ভেকচিনৰ সন্দৰ্ভত আশাৰ বতৰা আনিব পাৰে । কাৰণ সুৰক্ষিত আৰু প্ৰভাৱী ভেকচিনৰ ট্ৰায়েল ইতিমধ্যে দেশত আৰম্ভ হৈছে । ইয়াৰ মাজতে ২০২১ৰ মাজভাগত ভাৰত বায়’টেকৰ “ক’ভেক্সিন” মুকলি হ’ব পাৰে ।

এই সন্দৰ্ভত ICMR ৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী ৰজনীকান্তয়ে কয় “এই ভেকচিন যথেষ্ট প্ৰভাৱী  ৷ অনাগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী আৰু মাৰ্চ মাহত এই ভেকচিনৰ আশা কৰিব পাৰি ৷”

আনহাতে ছেৰাম ইনষ্টিটিউটত অফ ইণ্ডিয়াৰ CEO আদৰ পুনাৱালাই ভেকচিনৰ সন্দৰ্ভত কয় “বিশ্ববাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি নিৰ্মাণ কৰা হৈছে ভেকচিন ।” লগতে এই ভেকচিনে যাতে দীৰ্ঘদিনৰ কাৰণে সুৰক্ষা আৰু মানৱ দেহত ইয়াৰ প্ৰভাৱী প্ৰতিক্ৰিয়া বৰ্তি থাকে তাৰ কাৰণে লক্ষ্য কৰা হৈছে ৷

দেশত প্ৰস্তুত কৰা কৰ’না ভেকচিনসমূহৰ ভিতৰত অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ AstraZeneca অন্যতম  ৷ এই ভেকচিনে যুৱক আৰু বৃদ্ধ লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব ৷ ইপিনে ব্ৰিটিছ মেডিকেলৰ এখন জাৰ্নেলৰ মতে AstraZeneca আৰু অক্সফ’ৰ্ড ইউনিভাৰ্চিটিয়ে কয় যে ট্ৰায়েল প্ৰক্ৰিয়াত এই ভেকচিনৰ এটা মাত্ৰ ড’জ দিয়া হৈছে ।

উল্লেখযোগ্য যে কৰ’নাৰ ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ইতিমধ্যে বহু তথ্য প্ৰকাশ পাইছে যদিও পুনাৱালাই কয় “কৰ’নাৰ ভেকচিনৰ মূল্যৰ সন্দৰ্ভত চৰকাৰৰ লগত আলোচনা কৰা হৈছে । কৰ’নাৰ ভেকচিনটো যাতে  সকলোৰে কাৰণে সহজলভ্য হয় তাৰ কাৰণে আমি চেষ্টা কৰিম ৷”

Exit mobile version