ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে মূল্যবৃদ্ধি

831ba650 8799 4819 8e9b 50d18b21d427

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়াত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

নিজ কাৰ্যালয়ৰ সন্মুখত জি এন বি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যু্ৱ ছাত্ৰ পৰিষদে ।

বিজেপি চৰকাৰ হায় হায় , যোগান মন্ত্ৰী হায় হায় কে ধৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান প্ৰয়োগ কৰি প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদ কাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

Exit mobile version