আজি নিশাও কাৰাগাৰতে থাকিব লাগিব ৰিপাব্লিক টি ভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

WhatsApp Image 2020 11 05 at 5.43.44 PM

আজি নিশাও কাৰাগাৰতে কটাব লাগিব ৰিপাব্লিক টিভিৰ  সাংবাদিক  অৰ্ণৱ গোস্বামীয়ে । কিয়নো আজি বোম্বে আদালতে সাংবাদিকগৰাকীৰ জামিনক লৈ কৰিব লগা শুনানি  শুকুৰবাৰলৈ স্থগিত ৰাখিছে ৷

এই সন্দৰ্ভত শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি অৰ্ণৱ গোস্বামীৰ অধিবক্তাই কয় যে, “এগৰাকী নাগৰিকক অবৈধভাৱে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আমি সংবিধানৰ ওপৰত বিশ্বাস ৰাখিছো আৰু আশা কৰিছো অচিৰেই জামিন লাভ কৰিব গোস্বামীয়ে ।”

উল্লেখ্য যে,বুধবাৰে আলিবাগ আদালতে আৰক্ষীৰ জিম্মা নাকচ কৰি ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অৰ্ণৱ গোস্বামীক । আনহাতে বুধবাৰে পুৱা ৮ বজাত মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে ৷

তথ্য অনুসৰি আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিবৰ সময়ত হতাহতিত লিপ্ত হয় ৷ আনহাতে অৰ্ণৱক গ্ৰেপ্তাৰ কৰিবলৈ অহাৰ সময়ত মুম্বাইৰ আৰক্ষীৰ লগত কোনো নথি পত্ৰ নাছিল ।

সম্প্ৰতি অৰ্ণৱৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে । ৰেলমন্ত্ৰী পীয়ুষ গোৱেল, বিজেপি সাংসদ মিনাক্ষী লেখী, মন্ত্ৰী প্ৰকাশ জাভেডকাৰ সকলোৱে মহাৰাষ্ট্ৰ চৰকাৰৰ একনায়কত্ববাদী শাসনক সমালোচনা কৰিছে ৷

লগতে তেওঁলোকে সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে  ৷ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ মন্তব্য “অৰ্ণৱক সমৰ্থন নকৰা লোকসকলে ফাঁচীবাদত সমৰ্থন কৰে।”

Exit mobile version