অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া : বাৰে বাৰে ভাষ্য সলনি কৰিছে চাক্ষুস সাক্ষীয়ে

Screenshot 42

দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত এক তৃতীয় শক্তি হেঙাৰ হৈ ঠিয় দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভি-নীলৰ পিতৃয়ে । স্মৰ্তব্য যে, ঘটনাৰ চাক্ষুস সাক্ষীয়ে বাৰে বাৰে সলনি কৰি আছে নিজৰ ভাষ্য । গতিকে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে । তথাপিও ন্যায়পালিকাৰ ওপৰত আস্থা হেৰুওৱা নাই অভি-নীলৰ পৰিয়ালে ।

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ সন্দৰ্ভত আজি নগাঁও আদালতত চাক্ষুস সাক্ষীৰ শুনানিৰ দিন আছিল । কিন্তু আদালতত সেই চাক্ষুস সাক্ষী জনে নিজৰ ভাষ্য মূহুৰ্ততে সলনি কৰাত স্বাভাৱিকতেই হতাশ হৈ পৰে অভি-নীলৰ পিতৃদ্বয়ে ।

ইপিনে,আজি আদালত চৌহদত সাংবাদিকৰ আগত নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে কয়, “আজি এটা দীঘলীয়া বিৰতিৰ অন্তত মহামান্য আদালতে অভি-নীলৰ মোকৰ্দমাটোৰ সাক্ষ্য প্ৰদানৰ যিটো পৰ্যায় সেয়া মুকলি কৰিছে ।আজি দুজন সাক্ষী আহিছিল । তাৰে প্ৰথম জন ৰাজু বসুমতাৰী । তেওঁৰ ডিফেঞ্চ ক্ৰছ কৰিব লগা আছিল । কি কাৰণত নাজানো ডিফেঞ্চ উকীলে ডিফেঞ্চ ক্ৰছ নকৰো বুলি ক’লে ।

সেই হিচাপত তেওঁক এৰি দিয়া হয় । তাৰ পিছৰ ২২নম্বৰৰ চাক্ষুস সাক্ষী হৈছে মংগল টেৰণ । চাক্ষুস সাক্ষী মংগল টেৰণক চৰকাৰী উকীলে যিখিনি কথা মহামান্য বিচাৰপতিৰ আগত সুধিলে সেই খিনি কথা যথাযথ ভাৱে উত্তৰ দিয়ে । ধাৰা ১৬৪ৰ অধীনত ডিফু আদালতত তেওঁ যি ভাষ্য প্ৰদান কৰিছিল সেই একেখিনি ভাষ্যকে আজিও আদালতত প্ৰকাশ কৰে ।

কিন্তু ডিফেঞ্চ উকীলে ডিফেঞ্চ ক্ৰছ কৰাত মূহুৰ্ততে তেওঁ নিজৰ ভাষ্য সলনি কৰে । তেওঁ স্ব বিৰোধী ভাষ্য দিলে । মহামান্য আদালতে তেওঁৰ দুটা ভাষ্যৰ কোনটো গ্ৰহণ কৰে সেইটো অতি লক্ষণীয় হ’ব।”

নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে লগতে কয়, “আৰু এজন সাক্ষী আছে, ২৩নম্বৰৰ চাক্ষুস সাক্ষী । তেওঁ শেষৰ জন চাক্ষুস সাক্ষী।লগতে দুজন চিকিৎসকৰো সাক্ষী লোৱা হ’ব ।বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে মহামান্য আদালতে লোৱা পদক্ষেপত আমি সুখী । আমি আশাবাদী,আমি ন্যায় পাম।”

ইপিনে,অভিজিৎ নাথৰ পিতৃ অজিত নাথে সাংবাদিকৰ আগত কয়,”আমি ন্যায় পাম বুলি আশাবাদী । এই আশা লৈ আছো আৰু এই আশা লৈয়েই আহি আছো ।” চাক্ষুস সাক্ষীয়ে বহুবাৰ ভাষ্য সলনি কৰাত উদ্বিগ্নতা প্ৰকাশ কৰি নাথে আৰু কয়,”আমাৰ সন্দেহ হয় এই সাক্ষী সকলক তৃতীয় শক্তিয়ে প্ৰভান্বিত কৰিছে। সেয়েহে তেওঁ লোকে মূহুৰ্তে মূহুৰ্তে ভাষ্য সলনি কৰিছে । আনকি ধৰ্মীয় কথা বতৰাও আনিব বিচৰা হৈছে।”

উল্লেখ্য যে , ২০১৮ৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ গুৱাহাটীৰ দুই যুৱকক ।

Exit mobile version