‘দৈনিক অগ্রদূত’ৰ বাতৰিৰ পাছতে গা লৰিল নিগমৰ

street vendors 2

উত্তৰ- পূবৰ বাণিজ্যিক কেন্দ্র গুৱাহাটী মহানগৰীৰ পদপথত ক্ষুদ্র ব্যৱসায়ৰে জীৱন নির্বাহ কৰি থকাসকলৰ জৰীপৰ কাম সুদীর্ঘ সময়ৰ অন্তত পুনৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে গুৱাহাটী পৌৰ নিগম । উল্লেখ্য যে মহানগৰীৰ পদপথত কিমান লােকে ব্যৱসায় কৰি আছে বর্তমানেও তাৰ কোনাে তথ্য নাই নিগমৰ হাতত । পদপথত ব্যৱসায় কৰি কোনােমতে পৰিয়াল পােহপাল দি অহা এই ক্ষুদ্র ব্যৱসায়ীসকলক আজিলৈকে ব্যৱসায়িক প্রমাণ পত্র (ট্রেড লাইচেন্স)ও প্রদান কৰা নাই পৌৰ নিগমে।

ইয়াৰ পৰিপ্ৰেক্ষিতত মহানগৰীত বিগত সময়ত সন্দেহজনক লােকে বিভিন্ন স্থানত পদপথ দখল কৰি ব্যৱসায় কৰাৰ অভিযােগ উত্থাপিত হৈ আহিছে। এই সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পাই আহিছে । বিশেষকৈ তলাবন্ধৰ পাছত মহানগৰীত দ্রুতহাৰত পদপথৰ ব্যৱসায়ীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পােৱাৰ প্রতিবেদনৰ পাছতে অৱশেষত গা লৰিল পৌৰ নিগমৰ।

বৃহস্পতিবাৰে পাণবজাৰস্থিত নিগমৰ কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত বিভাগৰ বিষয়া, এন ইউ এল এমৰ বিষয়া, পদপথ ব্যৱসায়ী সন্থা আৰু সংশ্লিষ্ট পক্ষৰ স’তে এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে শীঘ্ৰে মহানগৰীৰ পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত এক জৰীপ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ সােপাঢিলা নীতিৰ বাবেই পদপথত দ্রুতহাৰত ক্ষুদ্র ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পাই অহাৰ কথা পদপথ ব্যৱসায়ী সন্থাই সময়ে সময়ে অভিযােগ কৰি আহিছে।

উল্লেখ্য যে পদপথ ব্যৱসায়ীসকলক নিগমৰ অধীনলৈ অনাৰ লক্ষ্যৰে ২০১৫ৰ ১৯ জানুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ পৌৰ নিগমে চলােৱা জৰীপত মহানগৰীত পদপথৰ ব্যৱসায়ীৰ সংখ্যা আছিল ৭,১৮৩ জন। একেদৰে ২০১৭ত সেই সময়ৰ ৰাজ্যপালে ব্যক্তিগত প্রচেষ্টাৰে ‘স্কপিয়ন’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে চলােৱা জৰীপত ইয়াৰ সংখ্যা ৩৫ হেজাৰলৈ বৃদ্ধি হৈছিল।

তাৰ সমান্তৰালভাৱে বর্তমান সময়ত সমগ্র মহানগৰীত পদপথৰ ব্যৱসায়ীৰ সংখ্যা ৫০ হেজাৰলৈ বৃদ্ধি পােৱা বুলি পদপথ ব্যৱসায়ী সন্থাই উল্লেখ কৰি তলাবন্ধৰ পাছত ছহেজাৰজনে নতুনকৈ পদপথত ব্যৱসায় আৰম্ভ কৰা বুলি কয়। কিন্তু এই পাঁচ বছৰত মহানগৰীত প্রায় ৪০ হেজাৰ পদপথ ব্যৱসায়ী সৃষ্টি হােৱা ঘটনাই বিশেষকৈ দীর্ঘদিনৰ পৰা ব্যৱসায় কৰি অহাসকল চিন্তিত হৈ পৰিছে ।

ইয়াৰ ফলত বিভিন্ন সময়ত মহানগৰীৰ পদপথসমূহ অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পৌৰ নিগমৰ হাতত কোনাে তথ্য নথকাত এইসকলক নিয়ন্ত্রণ কৰাত অসুবিধা হৈছে । এই সন্দৰ্ভত পদপথ ব্যৱসায়ী সন্থাই কয় যে পৌৰ নিগমৰ সোপাঢিলা নীতিৰ বাবেই মহানগৰীত দ্রুতহাৰত পদপথ ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পাই আহিছে ।

নতুনকৈ পদপথত ব্যৱসায় আৰম্ভ কৰাৰ অধিকাংশই সন্দেহজনক লােক । ফলত থলুৱা ব্যৱসায়ীসকলৰ সমস্যা সৃষ্টি হােৱা বুলি কয় । সমান্তৰালভাৱে সন্থাই পৌৰ নিগমে আৰম্ভ কৰিবলৈ লােৱা জৰীপ একান্তই প্রয়ােজন বুলি মত ব্যক্ত কৰি জৰীপৰ অন্তত থলুৱা খিলঞ্জীয়া ব্যৱসায়ীসকলক অনুজ্ঞাপত্র প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে।

Exit mobile version