পখিলা খেদা বয়সত এগৰাকী ১০ বছৰীয়া শিশুৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে । কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত জাওকাটাদিয়াৰ অতি দৰিদ্ৰ পৰিয়ালৰ শিশুটোৰ উন্নত চিকিৎসাৰ বাবে প্ৰচুৰ ধনৰ প্ৰয়োজন হৈছে । দুৰ্ভগীয়া পৰিয়ালটোৱে শিশুটিৰ চিকিৎসা কৰি সৰ্বস্বান্ত হোৱাত বিবুদ্ধিত হৈ পৰিছে । সেয়ে শিশুটিৰ চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পৰিয়ালটোৱে ।
কোনো সদাশয় লোকে যদি শিশুটিক আৰ্থিক সাহাৰ্য কৰিবলৈ আগবাঢ়ি আহে তেন্তে শিশুটিৰ পিতৃ হাইদৰ আলীৰ নামত থকা এছ বি আই বেংকৰ লুকি শাখাৰ একাউন্ট নম্বৰ 38700627456 IFSC – SBIN0007389.ত আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
ইয়াৰ উপৰিও শিশুটিক উন্নত চিকিৎসাৰ বাবে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ “আজমল ফাউণ্ডেশ্বনক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।