বিৰোধী দলে নিৰ্বাচনত চুৰি কৰাৰ অভিযোগ উত্থাপন ড’নাল্ড ট্ৰাম্পৰ

Donald Trump 4 20 REUTERS TT

চৰম অনিশ্চয়তা আৰু উত্তেজনাৰ মাজেৰে মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত হোৱাইট হাউচ দখল কৰিবলৈ আগবাঢ়িছে ডেম’ক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেন । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে দাবী কৰে যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটগণনাত তেঁওক প্ৰতাৰণা কৰা হৈছে । ভোটগণনা বন্ধ হোৱাৰ দুদিন পূৰ্বে হোৱাইট হাউচত ট্ৰাম্পে এক বিবৃতিত উল্লেখ কৰে যে, নিৰ্বাচনত চুৰি কৰাৰ চেষ্টা কৰা হৈছে ।

৭৭ বছৰীয়া জ’ বাইডেনে হোৱাইট হাউচ দখল কৰিবলৈ কেৱল দুখন ৰাজ্যৰ ভোটৰ পৰা দূৰত আছে । আনহাতে , ৭৪ বৰ্ষীয় ড’নাল্ড ট্ৰাম্প জয়ী হ’বৰ বাবে বহুসংখ্যক ভোটৰ প্ৰয়োজন। ডেলাৱেয়ৰৰ নিজ চহৰ উইলমিংটনত সংবাদকৰ্মীক বাইডেনে কয় যে, “মই বহুত ভাল অনুভৱ কৰিছো। এই ক্ষেত্ৰত কোনো সন্দেহ নাই যে, যেতিয়া গণনা শেষ হ’ব, তেতিয়া কমলা হেৰিছ আৰু মই বিজয়ী হিচাপে ঘোষিত হম।”

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে ফিলাডেল্ফিয়া কনভেনচনৰ বাহিৰত নিৰ্বানৰ ভোট গণনা বন্ধ নকৰাক লৈ বিৰোধ প্রদর্শন কৰে ।

উল্লেখ্য যে, এই মুহূৰ্তলৈ গণনা হোৱা ভোটত নতুন অভিলেখ সৃষ্টি কৰিছে বাইডেনে । আমেৰিকাৰ ইতিহাসত সৰ্ব্বোচ্চ জনপ্ৰিয় ভোট তেঁওৰ পক্ষত আছে।

Exit mobile version