ভিটামিন গ্ৰহণ কৰাৰ সঠিক সময় : পঢ়ক সবিশেষ

vitmain b

ভিটামিন আৰু খনিজ পদাৰ্থসমৃদ্ধ খাদ্যই শৰীৰৰ আভ্যন্তৰীণ অংগৰ বিভিন্ন কার্যত সহায় কৰে । প্ৰত্যেকটো ভিটামিনৰে এক বিশেষ ভূমিকা থাকে আৰু অন্য কোনো খাদ্যৰ দ্বাৰা প্ৰতিস্থাপিত কৰা নহয় । যদি আমাৰ শৰীৰে দীর্ঘ সময়ৰ বাবে নিৰ্দিষ্ট পুষ্টি পৰ্যাপ্ত পৰিমাণে নাপায় তেতিয়া আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । সেয়ে ভিটামিনযুক্ত আহাৰ গ্ৰহণ কৰাটো অত্যন্ত আৱশ্যকীয় ।

■ ভিটামিন খোৱাৰ সময়ত দুটা কথা মনত ৰখা উচিত – স্থিৰতা আৰু সময় । আপোনাৰ ওচৰত নিয়মিতভাৱে আৰু সময়ত খাব পৰাকৈ ভিটামিন থকাটো প্ৰয়োজন । কিছুমান ভিটামিন আহাৰ গ্ৰহণৰ আগত আৰু কিছুমান খালী পেটত গ্ৰহণ কৰিব পাৰি।

■ পানীত মিহলি কৰি খোৱা ভিটামিন আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন শোষণ কৰি লয় আৰু বাকী অপ্ৰয়োজনীয়খিনি বাহিৰলৈ উলিয়াই দিয়ে । সেয়ে এনে ভিটামিন নিয়মিত ৰূপত সেৱন কৰাটো অত্যন্ত প্ৰয়োজনীয় । এনে ভিটামিন পানীত মিহলি কৰি খোৱাৰ পাছত প্ৰয়োজনীয় খিনি শৰীৰে শোষণ কৰি লয় । ভিটামিন চি আৰু ভিটামিন বি পানীত মিহলাই সেৱন কৰিব পাৰি আৰু খালী পেটত খালে ভাল । পুৱা আহাৰ গ্ৰহণ কৰাৰ ৩০ মিনিট আগতে ভিটামিন খায় তাৰ ওপৰত গুৰুত্ব দিব লাগে ।

Exit mobile version