মঙলত ৪৪০ কোটি বছৰ পূৰ্বৰে পৰা পানী আছে : জাপানৰ গৱেষকৰ নতুন তথ্য

Curiosity Selfie Hutton Drill Site Crop scaled

মঙল গ্রহত আনুমানিক ৪৪০ কোটি বছৰ পূৰ্বৰে পৰা পানীৰ ভাণ্ডাৰ আছে । উল্কাপিণ্ডৰ পৰীক্ষাৰ পাছত এই সন্দৰ্ভত তথ্য লাভ কৰিছে জাপানৰ এদল গৱেষকে । ৰঙা গ্ৰহটোত চিহ্ন লাভ কৰা তিনিটা জলধাৰাক লৈ সেয়েহে নতুন প্রশ্নৰাে উদ্ভৱ হৈছে । অনুমান কৰা হৈছে এই জলধাৰা তিনিটাৰাে বয়স ৪৪০ কোটি বছৰৰে সমানেই হ’বগৈ ।

গৱেষকসকলে পৰীক্ষা কৰা উল্কাপিণ্ডটো কেইবছৰমান পূর্বে ছাহাৰা মৰুভূমিত লাভ কৰা হৈছিল । এনেদৰে অৱশ্যে পূর্বেও বহু উল্কাপিণ্ড উদ্ধাৰ হৈছিল। এনে উল্কাপিণ্ড বিলাকক এন ডব্লিউ এ ৭০৩৪ আৰু এন ডব্লিউ এ ৭৫৩৩ আদিৰে নামকৰণ কৰা হৈছিল । বিভিন্ন পর্যায়ত কৰা পৰীক্ষাৰ অন্তত উল্কা পিণ্ডবিলাক মঙল গ্ৰহৰ বুলি প্রমাণিত হয় । উল্কাপিণ্ডৰ ৰূপত লাভ কৰা শিলা খণ্ডবিলাক কেৱল মাত্র ৰঙা গ্ৰহটোতহে পােৱা যায় বুলিও গৱেষকসকল নিশ্চিত হৈছে ।

এনে শিলাখণ্ড অতিকৈ বিৰল শ্ৰেণীৰ । বিক্ৰী কৰাটো সম্ভৱ হ’লে প্রতিগ্রামৰ মূল্য ১০ হেজাৰ মার্কিন ডলাৰ পর্যন্ত হ’লহেঁতেন । শেহতীয়াকৈ এন ডব্লিউ এ ৭৫৩৩ পিণ্ডটোৰ পৰা ৫০ গ্রাম অধিক পৰীক্ষাৰ বাবে নমুনা হিচাপে সংগ্রহ কৰি নিছে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে।

এই দলটোত টকিঅ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক তাকাছি মিকৌচিও আছে গৱেষণাত লাভ কৰা তথ্য সদৰী কৰি মিকৌচিয়ে কয়, ‘আমি সংগ্রহ কৰা এই নমুনাক চাৰিটা ভাগত ভাগ কৰি স্পেকট্রোস্কপিক পৰীক্ষা কৰিছাে । এই পৰীক্ষাতে অভূতপূর্ব ফলাফল লাভ কৰিছাে ।’

শিলৰ গঠনক লৈ কৰা পৰীক্ষাত ৪৪০ কোটি বছৰ পূর্বে মঙল গ্রহত পানী থকাটো প্রমাণিত হৈছে। এই গৱেষণাৰ তথ্য ‘ছাইন্স এডভান্সেছ’ নামৰ এখন জাৰ্ণেলত প্ৰকাশ পাইছে । ইমান দিনে বিজ্ঞানীসকলে অনুমান কৰিছিল অন্ততঃ ৩৭০ কোটি বছৰ পূৰ্বেৰে পৰা মঙলত পানী আছে।

মিকৌচিসহ গৱেষকৰ দলটোৱে জনােৱা অনুসৰি উল্কাপিণ্ডবিলাকত থকা আগ্নেয় শিলাখণ্ড ‘মেগমা’ৰ পৰা সৃষ্টি হৈছে। ইয়াৰ দ্বাৰাই শিলাখণ্ডৰ পৰিৱর্তনৰ প্রমাণ লাভ কৰিব পাৰি; কিন্তু পৰিৱর্তনৰ প্রক্রিয়া আৰম্ভ হয় একমাত্র পানীৰ অস্তিত্ব থকা অৱস্থাত । জাপানৰ গৱেষক দলটোৰ দ্বাৰা প্রকাশিত এই তথ্যই ৰঙা গ্ৰহটোক লৈ আৰু অধিক কৌতূহলৰ সৃষ্টি কৰিছে।

Exit mobile version