ৰাজ্যত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ আঞ্চলিকৰ লগতে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাইও জিলাখনৰ মাজমজিয়া থানা চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ADVERTISEMENT
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাংক্ষিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক বিষয়ববীয়াই ৰাজপথত ডিঙিত পিয়াঁজৰ মালা পিন্ধি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদত উত্তাল কৰি তোলে সমগ্ৰ তিনিচুকীয়া জিলা ৷
লগতে এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পদত্যাগৰ দাবী তোলে সংগঠনটোৱে ৷