গোলকীকৰণৰ সময়ত আত্মনিৰ্ভৰশীলতাত গুৰুত্ব দিবলৈ আইআইটিক ছাত্ৰ ছাত্ৰীসকলক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

nationalherald 2020 07 9bc23150 97b6 437b 9243 72104ed3ddb6 Narendra Modi ians

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্স যোগে ভাৰতীয় প্ৰায়োগিক সংস্থান IIT ৰ ৫১সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ লয় ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয়” কৰ’না ভাইৰাছ মহামাৰীৰ মাজত প্ৰায়োগিক প্ৰতিষ্ঠানৰ ভূমিকা অসীম।

মহামাৰীৰ বাবে বহু বিষয় সলনি হৈছে। ক’ভিড-১৯য়ে পৃথিৱীক আৰু এটা কথা শিকাইছে।গোলকীকৰণ এই সময়ত গুৰুত্বপূৰ্ণ বিষয় যদিও ইয়াৰ লগে লগে আত্মনিৰ্ভৰশীলতায়ো সমানে গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়” আজি দেশৰ যুৱপ্ৰজন্মক কাম কৰাৰ কৰাৰ বাবে Ease of doning business প্ৰদান কৰিবৰ কাৰণে দৃঢ়প্ৰতিজ্ঞ । কিন্তু এই সময়তে যুৱ প্ৰজন্মই নিজৰ কৰ্মৰে দেশবাসীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে।

আইআইটি ছাত্ৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় ” প্ৰথমবাৰৰ কাৰণে কৃষি ক্ষেত্ৰত বিকাশ আৰু সম্প্ৰসাৰণৰ কাৰণে নতুন সম্ভাৱনা গঢ় লৈ উঠিছে৷বিগত দুদিনত বিপিঅ’ ছেক্টেৰত বৃহৎ পৰিৱৰ্তন আহিছে ।

সম্প্ৰতি দেশত নতুন প্ৰজন্মক বহু সা সুবিধা প্ৰদান কৰি তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে আঁচনি তৈয়াৰ কৰা হৈছে ৷

আইআইটি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়” আপোনালোক অসাধাৰণ ক্ষমতাৰ অধিকাৰী ।আপোনালোকে সকলোতকৈ কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ আই আই টি লৈ পঢ়িবলৈ আহিছে ৷গতিকে অনাগত দিনতো কঠোৰ পৰিশ্ৰমেৰে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান কৰে মোডীয়ে।”

Exit mobile version