তামুলপুৰত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা

2b3b1aa5 3470 433b afb5 7f25711cc32b

গুৱাহাটীৰ এজন ব্যৱসায়ী যুৱকক কৌশলেৰে তামুলপুৰলৈ মাতি আনি অপহৰণ কৰি নি ধন লুট কৰি আৰু ধন দাবী কৰি তিনিগৰাকী যুৱক ৰঙা ঘৰৰ আলহী হ’ব লগা ঘটনাই সমগ্ৰ তামুলপুৰ মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তামুলপুৰ আৰক্ষী সূত্ৰে জানিব পৰা মতে নলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপাৰকুছি গাঁৱৰ অমিত শৰ্মা নামৰ যুৱকজনে গুৱাহাটীৰ ব্যৱসায়ী দিগন্ত বুজৰবৰুৱাক তামুলপুৰ বজাৰত চিচি কেমেৰা লগাব লাগে বুলিতামুলপুৰলৈ মাতি আনে।

তামুলপুৰ আহি পোৱাৰ পিছত অমিতে আন কেইজনমান যুৱকৰ লগত লগ লাগি কৌশলেৰে দিগন্তক তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহকাটা-বালাবাৰীৰ ওচৰত পাগলাদিয়া নদীৰ পাৰত জনশূন্য মথাউৰী এটালৈ লৈ যায় আৰু দহ লাখ টকা বিচাৰি মৃত্যুৰ ভাবুকি দিয়ে।

পাছত যুৱক কেইজনে নেট বেংকিঙৰ জৰিয়তে দিগন্তৰ বেংক একাউন্টত থকা বিছ হাজাৰ টকা অমিত শৰ্মাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি নিয়ে আৰু কেইখনমান উকা দলিলত দিগন্তৰ চহী কৰাই লয় আৰু মুকলি কৰি দিয়ে।

যোৱা ৫ নৱেম্বৰত দিগন্ত বুজৰবৰুৱাই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। দিগন্তৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থমাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শুক্ৰবাৰে নিশা নলবাৰীৰ জাপাৰকুছিত উপস্থিত হৈ অমিত শৰ্মাৰ ঘৰত তালাচী চলায় যদিও অমিতক কৰায়ত্ত কৰিব নোৱাৰিলে। নিশাই আৰক্ষীয়ে নলবাৰী চহৰৰ পৰা ভগবান দাসক বিচাৰি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়।

পাছত আৰক্ষীয়ে তদন্তৰ জৰিয়তে তামুলপুৰৰ বৰখোপাৰ পৰা নয়ন ডেকা আৰু মাদাৰবাৰী গাঁৱৰ পৰা ৰজনী বড়োক আটক কৰে। আৰক্ষীয়ে ঘটনাত ব্যৱহৃত এ এছ -১৪- এইচ- ৯২৯৯ নম্বৰৰ এখন গ্ৰেণ্ড আই ১০ গাড়ী আৰু এ এছ -০১-এ কিউ- ৩৫২০ মটৰ চাইজেল জব্দ কৰে।

আজি নয়ন ডেকা, ভগবান দাস আৰু ৰাজনী বড়োক বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে। পলাতক অৱস্থাত থকা অমিত শৰ্মা আৰু মণ্টু দাসক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত যুৱক কেইজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত গোচৰ নং ৫৬৬/২০ ত আৰু  ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪২০/৩৬৫/৩৮৭/ ৩৯৫/৪৬৮ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version