পাকিস্তান জিন্দাবাদ” ধ্বনিকলৈ উত্তাল ৰাজ্য

jpg

সমগ্ৰ অসমত সম্প্ৰতি “পাকিস্তান ধ্বনি”ক লৈ তোলপাৰ সৃষ্টি হৈছে ৷ লগতে এই বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ ব্যক্তি, বিশেষৰ লগতে বিভিন্ন দল সংগঠনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

ইতিমধ্যে এই বিষয়টোক লৈ শিলচৰ সদৰ থানাত সাংসদ ৰাজদ্বীপ ৰয় আৰু বিশ্ব হিন্দু পৰিষদে গোচৰ ৰুজু কৰিছে৷ ইয়াৰ মাজতে শিলচৰত পাকিস্তান ধ্বনিৰ প্ৰতিবাদত সাংসদ বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰিলে বজৰং দলে ৷

নিশা বজৰং দলৰ কৰ্মকৰ্তাসকলে শিলচৰ আশ্ৰম ৰোডত এক প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷ আৰু AIUDF সুপ্ৰিমো বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰে ৷ তেওঁলোকে কয় ” ভাৰতৰ বুকুত পাকিস্তান জিন্দাবাদ ধ্বনি কেতিয়াও সহ্য কৰা নহ’ব। “উল্লেখযোগ্য যে শিলচৰ বিমানকোঠত এ আই ইউ ডি এফৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল ।ইয়াৰ পাছৰে পৰা সৰৱ হৈ আছে ৰাজ্যৰ ৰাজনীতি।

Exit mobile version