বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৫০,৩৫৬ জন লোক

Coronavirus

বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৫০,৩৫৬ জন লোক। ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৪,৬২,০৮০ জনলৈ বৃদ্ধি পাইছে ।সুস্থ হৈছে ৫৩,৯২০ জন ।মৃত্যু হৈছে ৫৭৭ জন লোক।

সম্প্ৰতি দেশত প্ৰায় ৭৮ লাখ ১৯ হাজাৰ ৮৮৬ জন কৰ’নাত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।সমগ্ৰ দেশত কৰ’নাত সুস্থ হোৱাৰ পৰিসংখ্যা ৯২.৪১শতাংশৈ বৃদ্ধি পাইছে ।আনহাতে কৰ’নাত আক্ৰান্ত হোৱাৰ পৰিসংখ্যা ৬.১শতাংশ।

সমগ্ৰ দেশত কৰ’নাত মৃত্যুৰ পৰিসংখ্যা ১.৪৮ শতাংশ ৷সম্প্ৰতি কৰ’নাত মৃত্যু হোৱাৰ সংখ্যা দেশত ১,২৫,৫৬২ জন ।দেশত প্ৰায় ৮৪.৬২ লাখ সংক্ৰমিত লোকৰ ভিতৰত মাত্ৰ ৫লাখ ১৬ হাজাৰ ৬৩২জন লোক চিকিৎসাধীন হৈ আছে।

দেশত বিগত ২৪ ঘন্টাত ১১,১৩,২০৯ টা কৰ’নাৰ পৰীক্ষা কৰা হৈছে। সম্প্ৰতি দেশত প্ৰায় ১১ কোটি ৬৫ লাখ ৪২হাজাৰ ৩০৪ কৰ’নাৰ পৰীক্ষা কৰা হৈছে।

Exit mobile version