মহানগৰীৰ ভঙাঘৰত চুলাইৰ ভাটীত আবকাৰী বিভাগৰ অভিযানঃ৬ জনক গ্ৰেপ্তাৰ

ca8372a8 a655 4696 9509 a316529135ca

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে। আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই ভঙাঘৰৰৰ কাষৰীয়া পাহাৰীয়া অঞ্চল কমল নগৰ আৰু বৈকুণ্ঠ নগৰত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক অভিযান চলায়। উক্ত অভিযানত চুলাই মদ প্ৰস্তুতৰ লগত জড়িত ৬ জন লোকক হাতে লোটে আটক কৰে আৰক্ষীয়ে ।

অভিযানকাৰী দলটোৱে চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৫০০ লিটাৰৰো অধিক পাছ, প্ৰায় ৫০ লিটাৰ চুলাই মদ, ৫০ টা ড্ৰাম আৰু ছটা সা- সঁজুলি জব্দ কৰে ।

আনহাতে আটাকাধীন লোক সকলৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩ (১) ক ৰ অধীনত বিভাগীয় গোচৰ ৰজু কৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Exit mobile version