পুনৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অন্য এক অভিযান

WhatsApp Image 2020 11 07 at 1.50.19 PM

আজি বিয়লি ৩বাজি ২মিনিটত চেন্নাইৰ সমীপৰ শ্ৰীহৰিক’টাৰ সতীশ ধাৱান চেন্টাৰৰ পৰা পিএছএলভি EOSO1 ৰকেটটো উৎক্ষেপন কৰা হ’ব।

কেৱল ভাৰতৰ EOS01উপগ্ৰহই নহয় ইয়াৰ উপৰি ৯টা আন উপগ্ৰহও একেই ৰকেটত মহাকাশলৈ পঠিয়াব। ভাৰতৰ EOS01 উপগ্ৰহটো এটা কৃষি পৰ্যবেক্ষণ যান যিয়ে কৃষি, বনাঞ্চল সুৰক্ষা তথা প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

এই ৰকেটতো চলিত বৰ্ষত ভাৰতৰ প্ৰথমটো মহাকাশ অভিযান হ’বলৈ আগবাঢ়িছে।ইপিনে কৰ’না সংক্ৰমণৰ আশংকাৰ বাবে ইয়াৰ উৎক্ষেপৰ সময়ত সংবাদমাধ্যমক দূৰত ৰখা হৈছে। সেইদৰে গেলাৰীতো কোনো দৰ্শক নাথাকিব।

Exit mobile version