সৎসাহস আছে যদি মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈ দেখাওক মুখ্যমন্ত্ৰী সোনোৱালেঃ দেবব্ৰত শইকীয়া

aa918333 60b3 4e54 9e99 982885376fe7

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই তীব্ৰ প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ।

মুখ্যমন্ত্ৰী সোনোৱালক প্ৰত্যাহ্বান জনাই দেবব্ৰত শইকীয়াই কয়” চলিত বৰ্ষৰ জানুৱাৰীত বিধানসভাৰ অধিবেশনত, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু এই সন্দৰ্ভত কংগ্ৰেছ দলে বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ পৰা বিচৰা এক আলোচনাৰ দাবী উত্থাপন কৰিছিল।

সেই সময়ত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে “জয় আই অসম” ধ্বনি দিয়াৰ পাছতে ইয়াৰ বিৰোধিতা কৰিবলৈ অসমৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই “জয় বাংলাদেশ” ধ্বনি দিছিল।”

কিন্তু এই সন্দৰ্ভত দিয়া গোচৰৰ আজিলৈকে কোনোধৰণৰ নিষ্পত্তি হোৱা নাই।’’

গতিকে দেবব্ৰত শইকীয়াই অসমৰ মুখ্যমন্ত্ৰী সোনোৱালক অতি শীঘ্ৰেই এই সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান কৰে ৷

লগতে যদিহে মুখ্যমন্ত্ৰী সোনোৱালে গণতন্ত্ৰ আৰু আইনত বিশ্বাস কৰে তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ আহ্বান কৰে বিৰোধী দলৰ সভাপতি দেবব্ৰত শইকীয়াই।

Exit mobile version