অসম-মিজোৰামৰ সীমান্ত পৰিদৰ্শন কৰিবলৈ যোৱা কংগ্ৰেছৰ প্ৰতিনিধি দলক আক্ৰমণ মিজো দুৰ্বৃত্তৰ

hqdefault

অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে এইবাৰ সীমান্ত পৰিদৰ্শন কৰিবলৈ যোৱা কংগ্ৰেছৰ প্ৰতিনিধি দলক লক্ষ্য কৰি মিজো দুৰ্বৃত্তই আক্ৰমন কৰে ।

ADVERTISEMENT

ধলাই সমষ্টিৰ খুলিছৰা দলঙত সীমান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হৈছিল দলটো । দলটোক লক্ষ্য কৰি মিজো দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰে । উপায় নাপাই প্ৰাণৰ ভয়ত সীমান্ত এলেকাৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধি দলটো ঘূৰি আহিব লগা হয় ।

দলটোক প্ৰতিনিধিত্ব কৰিছিল বিৰোধী দলপতি দেবব্ৰত শইকীয়াই আৰু তেওঁৰ স’তে উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, প্ৰাক্তন মন্ত্ৰী অজিত সিং, পংকজ বৰবৰা, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ সুমিতা দেব সহ আৰু বহু কংগ্ৰেছৰ সদস্য । ইয়াৰ পাছতে সীমান্ত এৰি কিছু নিলগত কংগ্ৰেছে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version