অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত মহানগৰীত প্ৰতিবাদ

WhatsApp Image 2020 11 08 at 4.17.58 PM

ৰাজ্যৰ অভিনেতা-অভিনেত্ৰী, কণ্ঠশিল্পী, সাংস্কৃতিক কর্মী, সত্ৰাধিকাৰকে ধৰি প্ৰায় শতাধিক লোকৰ নেতৃত্বত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত সাংবাদকর্মী অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা এক পদযাত্ৰা উলিয়ায় ।

আনহাতে, আজি অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে তালোজা কাৰাগাৰত নিয়াৰ সময়ত গোস্বামীয়ে নিজৰ জীৱন বিপদজনক বুলি চিঞৰি জনায় । উল্লেখ্য যে, ইন্টাৰিঅ’ ডিজাইনাৰ অন্ভৱ নাইকক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ এক পুৰণি গোচৰত সাংবাদিকগৰাকীক মুম্বাই আৰক্ষীয়ে বুধবাৰে পুৱা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ।

Exit mobile version