“গাঁও কৰ্তন কৰি বিটিচি ধ্বংস কৰাতকৈ মন্ত্ৰী হিমন্তৰ সাহস আছে যদি বিটিচি ভঙ্গ কৰি দিয়ক” : চন্দন ব্ৰহ্ম

WhatsApp Image 2020 11 08 at 6.05.33 PM

চিৰাং জিলাৰ বিজনীৰ ১৯ নং থুৰিবাৰী (মুকলি) পৰিষদীয় সমষ্টিত অনুষ্ঠিত হয় অগপ- বিপিএফৰ যৌথ নিৰ্বাচনী সভা । সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই মন্ত্ৰী হিমন্ত বিশ্বক কটাক্ষ ধৰি কয় যে সন্মানীয় বিত্ত বিভাগৰ মন্ত্ৰী জনে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ নামত বিটিচিত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে । হিমন্তই ওদালগুৰি জিলাৰ মাজবাটত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ নামত বিটিচিৰ পৰা গাঁও কৰ্তন, নাঙলৰ কাম নাই, ট্ৰেক্টৰৰ কথা, টেঙা মিঠা আম আদিৰ দৰে তুলুঙা মন্তব‍্যৰ উপৰি ম’বাইল নম্বৰ ৰাজহুৱা কৰিছে।

লগতে কয় যে আমাৰ হেজাৰ হেজাৰ লোকৰ তেজৰ বিনিময়ত বিটিচি চুক্তি হৈছে আৰু আইনত পৰিণত হৈছে । বিটিচি কাৰো দয়াত সৃষ্টি হোৱা নাই বুলি সকীয়াই দিয়ে । গতিকে নিৰ্বাচনৰ নামত এই ধৰণৰ গুৰুত্বপূৰ্ণ বিষয় লৈ বিটিচিৰ পৰা গাঁওকৰ্তনৰ কথা বোৰ মানি লোৱা ধৰণৰ নহয় । গাঁও কৰ্তন কৰি বিটিচি ধ্বংস কৰাতকৈ মন্ত্ৰী হিমন্তৰ সাহস আছে যদি বিটিচি ভঙ্গ কৰি দিয়ক বুলি মুকলি ভাৱে প্ৰত‍্যাহ্বান জনায় । বিটিচিৰ উন্নয়ন দেখি হিমন্তৰ শংকা হৈছে । তেওঁ প্ৰমোদ বড়োক টুপি পিন্ধাই চলাই আছে বিপিএফ দলক নোৱাৰে বুলিও তাৎপৰ্য‍্যপূৰ্ণ মন্তব‍্য কৰে চন্দন ব্ৰহ্মই । হিমন্ত বিশ্বক এই সময়ত অস্থিৰ হৈ থকা বুলিও কটাক্ষ কৰে মন্ত্ৰী ব্ৰহ্মই ।

আনহাতে, এই জনসভাত উপস্থিত হৈ যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে কয় যে আমি আজি বিপিএফৰ দৰে দলৰ সৈতে মিত্ৰতা কৰি সুখী । কাৰণ আমি সকলোৱে জানো বিটিচি অঞ্চলৰ অৱস্থা কি আছিল আৰু এতিয়া কি হৈছে । এক বৃহৎ পৰিৱৰ্তন হৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত ।

তেওঁ মূল‍্যবৃদ্ধিৰ সন্দৰ্ভত কয় যে আজিৰ তাৰিখত অসমত মূল‍্যবৃদ্ধি নিয়ন্ত্ৰণ হৈছে । মন্ত্ৰী জনে বদৰুদ্দিন আজমলক কটাক্ষ ধৰি কয় যদি অসমত যিমান ধৰ্ষণৰ ঘটনা হৈছে তাৰ অধিকাংশ আজমলৰ দলৰ । গতিকে ভৱিষ্যতে অসমৰ অৱস্থা কেনে হ’ব তাৰ উত্তৰ দিয়ক ।

ইপিনে, অগপ দলৰ এই থুৰীবাৰী সমষ্টিৰ প্ৰাৰ্থী পাৰ্থজিত ৰায়ক বিপিএফ দলে সমৰ্থন জনাইছে আৰু সেয়ে অগপ বিপিএফৰ কে’বাজনো নেতাই নিৰ্বাচনী প্ৰচাৰৰ ভাষণ দিয়ে । সভাত গায়িকা কল্পনা পাটোৱাৰীয়ে অগপ দলত যোগদান কৰিয়ে পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামে । একেদৰে বিপিএফৰ অঞ্জলি দৈমাৰীয়েও সভাত ভাষণ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইউপিপিএল দলক সমালোচনা কৰে ।

Exit mobile version