ডংকামোকামত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি কাৰ্বি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

IMG 20201109 WA0005

কাৰ্বি ছাত্ৰ সন্থাই ডংকামোকামত আজি ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ষষ্ঠ অনুসূচীত কাৰ্বি ভূমি অজনজাতীয় লোকে ল’ব পাৰিব বুলি হিমন্তই কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

৬ নৱেম্বৰত বিটিচিত নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী প্ৰচাৰ সভাত কৰা ঘোষণাক কাৰ্বি ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে এনে ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ কাৰ্বি ছাত্ৰ সন্থাই মন্ত্ৰী শৰ্মাক সকীয়নি প্ৰদান কৰে। সমান্তৰালকৈ প্ৰয়োজনত বিষয়টোক লৈ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।

Exit mobile version