ডেৰ ঘণ্টাতে আপুনি জানিব ক’ভিড টেষ্টৰ ফলাফল

image 1 1

ক’ভিড টেষ্টৰ ফলাফল জানিবলৈ এতিয়া দুই তিনিদিন সময়ৰ প্ৰয়োজন নহয়, মাত্ৰ ডেৰ ঘন্টাতে আপুনি জানিব পাৰিব ক’ভিড টেষ্টৰ চূড়ান্ত ফলাফল । এই টেষ্ট কিট উদ্ভাৱন কৰিছে টাটা গ্ৰুপে । ডিচেম্বৰত এই হস্পিতাল অথবা পৰীক্ষাগাৰত ইয়াৰ দ্বাৰা টেষ্ট কৰিব পৰা যাব বুলি দাবী কৰিছে টাটা মেডিকেল এণ্ড ডাইগ’নষ্টিকৰ মুখ্য গিৰিশ কৃষ্ণমূৰ্তিয়ে ।

আনহাতে, চৰ্দি-কাহ হৈছে কৰ’নাৰ লক্ষণ । কৰ’নাৰ পৰীক্ষাৰ বাবে আৰটিপিচিৰত লেলাৱতিৰ নমুনা পৰীক্ষাৰ ফলাফল পাবলৈ প্ৰায় ২ বা ৩ সময়ৰ প্ৰয়োজন। সম্প্ৰতি কৰ’নাত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাইছে। এই সন্দৰ্ভত টাটাই দাবী কৰে যে, ডিচেম্বৰত পৰীক্ষা কিট ওলোৱাৰ লগে লগে সমস্যাৰ সমাধান হ’ব । চৰকাৰৰ দ্বাৰা অনুমোদিত পৰীক্ষণৰ চূড়ান্ত পৰীক্ষা ৯০ মিনিটৰ ভিতৰত উপলব্ধ হ’ব ।

আনহাতে, কোম্পানীৰ সূত্ৰ অনুসৰি ইতিমধ্যে টাটাই চেন্নাই কাৰখানাত ইয়াৰ উৎপাদন আৰম্ভ কৰিছে। প্ৰতি মাহে ১০ লাখ কিট উৎপাদনৰ ব্যৱস্থা কৰিছে ।

Exit mobile version