বিদায়ী ট্ৰাম্পৰ আজীৱন ব্যয় বহন কৰিব আমেৰিকাৰ জনতাই

donald trump 16

অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ল ড’নাল্ড ট্ৰাম্প । পৰৱৰ্তী আঢ়ৈ মাহৰ ভিতৰতে তেওঁ ত্যাগ কৰিব লাগিব হোৱাইট হাউছ । চৰকাৰী দায়িত্বৰ পৰা কমেও চাৰি বছৰ দূৰত থাকিব লাগিব, বৰঞ্চ ল’ব লাগিব অৱসৰ । হোৱাইট হাউছৰ পৰ্বত-সম বিলাসিতা আৰু সা-সুবিধাৰ পৰা বঞ্চিত হ’লেও এতিয়াৰ পৰা ট্ৰাম্পৰ বিয়োগম আকাৰৰ খৰচ বহন কৰিব লাগিব আমেৰিকান নাগৰিকসকলে । কিয়নো ৰাষ্ট্ৰপতি পদত্যাগ কৰিবলৈ বাধ্য হ’লেও বিদায়ী ট্ৰাম্পৰ বাবে এতিয়াৰ পৰা আমেৰিকাৰ চৰকাৰে বিপুল পৰিমাণৰ ধন ব্যয় কৰিব লাগিব । প্ৰাক্তন ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পে আজীৱন লাভ কৰিব শকত অংকৰ পেঞ্চন ।

ইয়াৰ উপৰি তেওঁ লাভ কৰিব আমেৰিকাত নিজৰ কাৰ্যালয় পৰিচালনা কৰাৰ বাবে বিলাসী অঞ্চলৰ বিশাল ভূমি। ইয়াৰ যাৱতীয় খৰচ চৰকাৰে বহন কৰিব । আনকি উক্ত কাৰ্যালয়ত কাম কৰা সকলো কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী দৰমহা । কেৱল সেয়াই নহয়, এতিয়াৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পে আমেৰিকাৰ চৰকাৰৰ পৰা প্ৰচুৰ ভ্ৰমন বানচ আৰু টেলিফোনৰ বিলৰ বাবদ বিপুল পৰিমাণৰ ডলাৰ । লগতে আজীৱন লাভ কৰিব ট্ৰাম্পৰ লগতে তেওঁৰ পৰিয়াল বাবে ছিক্ৰেট ছাৰ্ভিচ নিৰাপত্তাৰ সুবিধা ।

এই সকলোবোৰ খৰচ আয়কৰ জমা দিয়াৰ মাধ্যমেৰে দেশখনৰ সাধাৰণ জনতাই বহন কৰিব লাগিব । অকল ট্ৰাম্পেই নহয়, তেওঁ পূৰ্বৰ অৱসৰ গ্ৰহণকাৰী ৪৪ জন আমেৰিকান ৰাষ্ট্ৰপতিয়েও আজীৱন এইবোৰ সা-সুবিধা লাভ কৰিছিল । আমেৰিকাৰ প্ৰতি বছৰ বাজেটত এইসকল প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বাবে চৰকাৰী পুঁজিৰ পৰা পেঞ্চনসহ এই সকলোবোৰ সুবিধাৰ ক্ষেত্ৰত বিপুল অংকৰ ধন আৱন্তিত থাকে । আমেৰিকাৰ সংবিধান অনুসৰি, প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ দিনৰ পৰাই এই নিয়ম চলি আহিছে । ৰাষ্ট্ৰপতিৰ কেবিনেটৰ সদস্যসকলৰ এতিয়াৰ দৰমহাৰ দৰেই সকলো ৰাষ্ট্ৰইতিয়েই সংবিধান অনুসৰি বেতন লাভ কৰে ।

২০১৭ত সেই পৰিমাণ আছিল বছৰি ২ লাখ সাত হেজাৰ আঠশ ডলাৰ । ইয়াৰ ভিতৰত অৱশ্যে অন্যান্য বানচ-বকেয়া আদি নাছিল । ২০১৮ত মাৰ্কিন কংগ্ৰেছত যি বাজে প্ৰস্তাৱ জমা দিয়া হৈছিল, তাত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ কাৰ্যালয়ৰ স্থানৰ বাবে ব্যয় দেখুওৱা হৈছিল পাঁচ লাখ ৩৬ হেজাৰ ডলাৰ । আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইছ ডব্লিউ বুশ্বৰ ভ্ৰমন বানচ আৱণ্টন দিয়া হৈছিল ৬৮ হেজাৰ ডলাৰ । আমেৰিকাৰ সংবিধানে প্ৰক্তন ৰাষ্ট্ৰপতিসকলৰ স্বামী বা পত্নীক শকত অংকৰ পেঞ্চন লাভৰ সুবিধা দিছে ।

বছৰি ২০ হেজাৰ ডলাৰ তেওঁলোকে লাভ কৰে আজীৱন । সেইদৰে তেওঁলোকে ভ্ৰমণ, টেলিফোন আৰু যোগাযোগ ৰক্ষাৰো যাৱতীয় খৰচ লাভ কৰে । ২০১৫ত প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে আবণ্টন দিয়া হৈছিল দুপ লাখ ডলাৰৰ অধিক । উক্ত খৰচ আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ ক্ষেত্ৰত আছিল আঠ লাখ ডলাৰ । এইবোৰৰ উপৰি আমেৰিকাৰ প্ৰক্তন ৰাষ্ট্ৰপতিসকলে আত্মজীৱনী লিখি, কোনো নাম জ্বলা কৰ্পৰেট হাউছৰ পৰিচালন ব’ৰ্ডৰ সদস্য হৈ বা বিশ্বৰ বিভিন্ন প্ৰন্তত আমন্ত্ৰণী বক্তৃতা দিও প্ৰচুৰ ডলাৰ উপাৰ্জন কৰিব পাৰে । আমেৰিকাৰ সংবিধানত সেই অধিকাৰ দিয়া হৈছে ।

অৱসৰৰ পাছত কেৱল বিভিন্ন স্থানত বক্তৃতা দিয়েই প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে উপাৰ্জন কৰিছিল ছয় কোটি ৫০ লাখ ডলাৰ । সেইদৰে আত্মজীৱনী লিখি তেওঁ লাভ কৰিছিল এক কোটি ৫০ লাখ ডলাৰ । এই সকলোবোঐ সুযোগ সদ্য-বাদায়ী ট্ৰাম্পেও লাভ কৰিব । উল্লেখ্য যে ভোট গণনাৰ গতি-বিধি দেখিও সহজে নিজৰ পৰাজয় মানি ল’ব পৰা নাছিল ট্ৰাম্পে । তথাপি হয়তো ভোট গণনাৰ শেষসময়ত তেওঁ নিজৰ কপালৰ লিখন পঢ়িবলৈ সক্ষম হৈছিল ।

ইখনৰ পাছত সিখন ৰাজ্যত পৰাজয়ৰ বাতৰিয়ে তেওঁক যথেষ্ট হতাশ কৰি তুলিছিল । সেই হতাশা দূৰ কৰাৰ বাবেই ট্ৰাম্পে শনিবাৰৰ দিনটোৰ যথেষ্ট সময় তেওঁৰ প্ৰিয় খেল গ’ল্ফ খেলি অতিবাহিত কৰে । যেতিয়াই সময় পায়, তেতিয়াই অৱসৰ বিনোদনৰ বাবে ভাৰ্জিনিয়াত থকা নিজৰ গ’ল্ফ ক’ৰ্চত উপস্থিত হয় ট্ৰাম্প । কালি অৱশ্যে বিনোদনৰ বাবে নহয়, ভোট গণনাৰ উদ্দেগ দূৰ শৰিবৰ বাবেই তেওঁ হাতত তুলি লয় গ’ল্ফৰ ষ্টিক । সেই সময়ত চাৰিওফালৰ পৰা কেৱল পৰাজয়ৰ খবৰেই আহি আছিল ।

Exit mobile version