হাগ্ৰামাই নিৰ্বাচনত জয়লাভ কৰিলে এমচিএলএ হৈ থাকক, পৰাজয় হ’লে সমাজসেৱা কৰক : ৰঞ্জিত দাস

WhatsApp Image 2020 11 09 at 6.03.03 PM

“সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি ৰাজনৈতিক দলৰ জন্ম দিছে আজিৰ প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টিক কিবা প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব বুলি আমি নাভাবো ৷ ভাৰতীয় জনতা পাৰ্টিৰ এটা শক্তিশালী সাংগঠনিক পৰিকাঠামো আছে ৷ অসমৰ ভোটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্ক কৰিবলৈ আমি আমাৰ কাৰ্যকৰ্তাসকলক দ্বায়িত্ব দিবলৈ সক্ষম হৈছোঁ ৷ পৃষ্ঠা প্ৰমুখ আমি নিযুক্তি দিছোঁ ৷ আগৰ কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত ৷” এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাৰ ৷

বাক্সাৰ শালবাৰীত ভৱানীপুৰ উত্তৰ মণ্ডল বিজেপিৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ স’তে হোৱা এক আলোচনাত মনোজ বৰুৱাই কয়- বদৰুদ্দিন আজমলে যি বিষাক্ত ভাষণ আগবঢ়াইছে সেয়া গণতন্ত্ৰৰ পৰিপন্থী ৷ বদৰুদ্দিন আজমলে এনেবোৰ কথাৰে সস্তীয়া ৰাজনীতি কৰিছে ৷ আমাৰ হাজাৰ বছৰীয়া যি সভ্যতা, কৃষ্টি-সংস্কৃতি, ঐতিহ্য পৰম্পৰা, এই পৰম্পৰাই আমাক এনেকুৱা শব্দবোৰ উচ্চাৰণ কৰিবলৈয়ে নিশিকায় ৷ বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সঁকিয়াই দিছো, অসমৰ সমাজ, অসমৰ সম্প্ৰীতি, অসমৰ ঐতিহ্য পৰম্পৰাৰ স’তে সম্পৰ্কিত নোহোৱা বক্তব্য যাতে অদূৰ ভৱিষ্যতে আজমলে নকৰে ৷

আনহাতে, আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই আছুৰ পৰা অব্যাহতি ল’ব বুলি সোধা প্ৰসংগত বৰুৱাই কয়, সমুজ্বল ভট্টাচাৰ্যই দীৰ্ঘদিন ধৰি অসমৰ সমাজ জীৱনৰ স’তে সম্পৰ্কিত হৈ কাম কৰি আছে ৷ তেঁও যি সিদ্ধান্ত ল’ব সেইয়া ৰাইজৰ স্বাৰ্থতে ল’ব ৷ বৰুৱাই কয় ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপি প্লাছ মিছন ১০০+ লৈ পুনৰ চৰকাৰ গঠন কৰিব ৷

ইফালে শালবাৰীত ভৱানীপুৰ উত্তৰ মণ্ডল বিজেপিৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত মন্তব্য কৰি কয়- হাগ্ৰামাই জয়লাভ কৰিলে এমচিএলএ হৈ থাকক, পৰাজয় হ’লে সমাজ সেৱা কৰক, সন্যাসী হ’ব নালাগে, দেশৰ কাম, ৰাইজৰ কাম আৰু দলৰ কাম কৰি থাকক ৷ কেতিয়াবা ভাল দিন আহিলে ৰাইজে তেখেতক নিৰ্বাচিত কৰিব ৷

তেওঁ লগতে কয় ২০ নৱেম্বৰত বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰী বিজেপিত যোগদান কৰাটো নিশ্চিত হৈছে ৷ সাংসদ বিশ্বজিৎ দৈমাৰী বিজেপিত যোগদান কৰাৰো ইংগিত দিয়ে ৰঞ্জিত কুমাৰ দাসে ৷ ইপিনে, বিটিচিৰ বাহিৰৰ বড়ো সকলে বিধান সভা নিৰ্বাচনত বিজেপিক সহায় কৰিব বুলি দাবী কৰে ৰঞ্জিত কুমাৰ দাসে ৷

Exit mobile version