৯ৰ পৰা ৩০ নবেম্বৰলৈকে সকলো ধৰণৰ আতজবাজী জ্বলোৱাৰ প্ৰতিবন্ধকতা দিল্লীৰ NCRত

Webp.net compress image 5 6

দিল্লীৰ NCR য়ে ৯ ৰ পৰা ৩০ নবেম্বৰলৈকে সকলো ধৰণৰ আতজবাজী জ্বলোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ আজি নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে এক বিশেষ নিৰ্দেশ ক্ৰমে NCR ত আতজবাজী জ্বলোৱাৰ প্ৰতিবন্ধকতা আৰোপ কৰে ৷ দিল্লীত বাঢ়ি অহা প্ৰদূষণৰ লগতে দেৱালীৰ পাছত আৰু অধিক বৃদ্ধি হ’ব পৰা প্ৰদূষণলৈ লক্ষ্য কৰি এই সিদ্ধান্ত লোৱা হৈছে। নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে দিল্লীৰ আশে পাশে একাংশ অঞ্চলটো এই প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

লগতে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে কেৱল দিল্লী-এনচিআৰতেই নহয় দেশৰ অন্যান্য জিলাতো এই নিৰ্দেশ জাৰি কৰিছে। নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ মতে যিসমূহ চহৰত প্ৰদূষণৰ মাত্ৰা সীমিত সেইসমূহ চহৰত নিশা ৮ বজাৰ পৰা ১০ বজালৈ আতজবাজী জ্বলাব পাৰিব ৷লগতে নতুন বৰ্ষত নিশা ১২ টাৰ পৰা ১২-৩০ লৈ আতজবাজী জ্বলাব পাৰিব ।

ইপিনে NGT য়ে সকলো বিভাগীয় কৰ্তৃপক্ষক প্ৰদূষণৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান কৰিছে ৷লগতে কোনোৱে যদি NGT ৰ নিয়ম মানি নচলে তেন্তে তেওঁলোকে জৰিমনা ভৰিব লাগিব। আতজবাজী বিক্ৰী কৰা লোকৰ পৰা ১০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে আতজবাজী জ্বলোৱাসকলৰ পৰা ২ হেজাৰ টকাকৈ জৰিমনা লোৱা হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেশৰ দিল্লী,হাৰিয়ানা,কৰ্ণাটক,ৰাজস্থান,পশ্চিমবংগ আদি ঠাইত আতজবাজী জ্বলোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা লগোৱা হৈছে। অৱশ্যে হাৰিয়ানাত দেৱালীত দুঘণ্টাৰ কাৰণে আতজবাজী জ্বলাব পাৰিব ৷

Exit mobile version