আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হোৱাৰ পাছৰে পৰা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
ইয়াৰ মাজতে প্ৰতিৰক্ষা সচিব মাৰ্ক এস্পৰক পদৰ পৰা অব্যাহতি দিছে ট্ৰাম্পে ৷ট্ৰাম্পে এক টুইট যোগে কয় “ৰাষ্ট্ৰীয় সন্ত্ৰাস বিৰোধী কেন্দ্ৰৰ নিৰ্দেশক ক্ৰিষ্টোফাৰ মিলক তৎকালীনভাৱে প্ৰতিৰক্ষা মন্ত্ৰী হিছাপে নিযুক্তি দিয়া হৈছে ৷অৱশ্যে ট্ৰাম্প আৰু এস্পৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনৰ পৰা অৱনতি ঘটিছে ৷
ইপিনে ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হোৱাৰ পৰা ড’নাল্ড ট্ৰাম্প চৰ্চাত আছে। কাৰণ ট্ৰাম্পে এতিয়ালৈকে পৰাজয় স্বীকাৰ কৰা নাই। অৱশ্যে ইয়াৰ মাজতে ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্প আৰু জোৱায়েক Jared Kushner ৰ লগতে সকলোৱে ট্ৰাম্পক পৰাজয় স্বীকাৰ কৰিবলৈ আহ্বান কৰিছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিকৰ প্ৰাৰ্থী জ’ বাইডেনে ২৭০ তকৈ অধিক আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ।এতিয়াও ট্ৰাম্পে কোনো ধৰণৰ নৰম মনোভাৱ দেখুওৱা নাই। ট্ৰাম্পৰ মন্তব্য “বাইডেনে বক্ৰ পথেৰে নিৰ্বাচনত জয় লাভ কৰিছে। আৰু এতিয়াও এই যুদ্ধ শেষ হোৱা নাই।”






























