নগাঁৱৰ ডিউ কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি : এজনক আটক

31253003 2074044219499044 143946614904455168 n

এগৰাকী মহিলা ৰোগীক এক্স-ৰে কক্ষত শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি ৰোগীৰ স্বামী সহ আন আত্মীয়ই নগাঁও চহৰৰ ডিউ কেয়াৰ নাৰ্ছিং হোমত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া হয় ।

উল্লেখ্য যে, চাৰিমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা কচুৱা অঞ্চলৰ এগৰাকী যুৱতীক চিকিৎসাৰ বাবে নাৰ্ছিং হোমখনলৈ লৈ আনিছিল তেওঁৰ স্বামীয়ে । উত্থাপিত অভিযোগ অনুসৰি এই মহিলা ৰোগী গৰাকীক নাৰ্ছিং হোমখনৰ কৰ্মচাৰী অমূল্য দেৱনাথে এক্স-ৰে ৰূমৰ ভিতৰত শৰীৰৰ গোপন অংশত হাত দিয়াৰ চেষ্টা চলায় । যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনকি মহিলা গৰাকীৰ স্বামীয়ে নাৰ্ছিংহোম খনৰ কৰ্মচাৰী জনকো মাৰধৰ কৰে । অৱশ্যে ব্যক্তিগত চিকিৎসায়খনৰ কৰ্তৃপক্ষই কৰ্মচাৰী জনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নসাৎ কৰিছে ।

ইপিনে, মহিলা গৰাকীৰ লগত অহা এগৰাকী মহিলাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, মহিলা ৰোগী গৰাকীক এক্স-ৰে ৰূমলৈ নিয়াৰ সময়ত কৰ্মচাৰী জনে হাতত ধৰি লৈ যোৱাৰ বাবেহে তেওঁৰ খং উঠে । ইয়াৰ বিপৰীতে মহিলা গৰাকীৰ স্বামীয়ে তেওঁৰ পত্নীক কৰ্মচাৰী জনে শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে ।

ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ স্বামীয়ে তেওঁৰ পত্নীক শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগ তুলি আৰু নাৰ্ছিংহোম কৰ্তৃপক্ষই নাৰ্ছিংহোমৰ কৰ্মচাৰীক মাৰধৰ কৰাৰ অভিযোগ তুলি পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে এজাৰৰ দাখিল কৰে । ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে সোধ-পোচৰ বাবে নাৰ্ছিংহোম খনৰ কৰ্মচাৰী অমূল্য দেৱনাথক আটক কৰি থানালৈ লৈ যায়।

Exit mobile version