পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য

images 2 2

আজি পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য । বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰি পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ পর্যটকক আহ্বান জনায় ।

লগতে আগন্তুক দিপাৱলীক লৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদূষণ সৃষ্টি কৰিব পৰা ফটকা ফুটুৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । আনহাতে, অসম-মিজোৰাম সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আহ্বান জনায়।

আজিৰ অনুষ্ঠানটোত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি বন আৰু পৰ্যটন বিভাগৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ আহ্বান জনায় । লগতে দুয়োটা বিভাগে উন্নয়নত সহায় কৰিব বুলি মত প্ৰকাশ কৰে।

অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই উদ্যোগ আৰু পৰ্যটনে কিদৰে এটা অঞ্চলক অৰ্থনৈতিকভাৱে আগুৱাই নিব সেই কথা প্ৰকাশ কৰে। উল্লেখ্য যে, পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই এইবছৰ পৰ্যটকৰ বাবে সাজু কৰিছে ২০ খন জীপ আৰু ১০ টা হাতী।

Exit mobile version