ভাতৃ আকিশিনোক ৰাজ সিংহাসন গতালে জাপানৰ সম্ৰাট নাৰুহিতোৱে

WhatsApp Image 2020 11 10 at 2.00.55 PM

ভাতৃ আকিশিনোৰ হাতত বংশৰ ঐতিহ্যবাসী তৰোৱাল অৰ্পণ কৰি আনুস্থানিকভাৱে ৰাজ পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা । চলিত বৰ্ষৰ প্ৰথমছোৱাতে ভাতৃ আকিশিনোক ৰাজ ক্ষমতা হস্তান্তৰ কৰিবলৈ পৰিকল্পনা কৰিছিল সম্ৰাট নাৰুহিতোৱে । যোৱা এপ্ৰিলত নিৰ্দিষ্ট প্ৰথা অনুসৰি ‘ৰিক্কোশি নো ৰেই’ নামৰ উত্তৰাধিকাৰ অনুষ্ঠানৰ আয়োজন প্ৰস্তুতিত আৰম্ভ কৰিছিল ৰাজ পৰিয়ালে । কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ বাবে ক্ষমতা হস্তান্তৰ কাৰ্য স্থগিত ৰাখিবলগীয়া হয় ।

সম্প্ৰতি সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী ইত্তশিহিদে চুগাৰ উপস্থিতিত ইম্পেৰিয়েল পেলেচত এই বিশেষ অনুস্থানটো সম্পন্ন কৰা হয় । উল্লেখ্য যে জাপানৰ ৰাজবংশৰ মহিলা সদস্যসকলে সম্ৰাটৰ ৰাজ সিংহাসনত বহিব নোৱাৰে । এনে কাৰণতে ৰাজ ক্ষমতা হস্তান্তৰ কৰিবলৈ আগবাঢ়ি আহে সম্ৰাট নাৰুহিতোৱে । কিয়নো নাৰুহিতোৰ কোনো পুত্ৰ সন্তান নাই । সেয়েহে সিংহাসনত বহাৰ এবছৰৰ ভিতৰতেই ভাতৃ আকিশিনোক ক্ষমতা এৰি দিয়ে নাৰুহিতোৱে ।

যোৱা বছৰ শাৰীৰিক অসুস্থাতাৰ বাবে সিংহাসন ত্যাগ কৰিছিল জাপানৰ তদানীন্তন সম্ৰাট আকিহিতোৱে । দেশখনৰ দুশ বছৰীয়া ইতিহাসত ইয়াৰ পূৰ্বে এনেদৰে ৰাজ সিংহাসন ত্যাগ কৰাৰ নিদৰ্শন নাছিল । আকিহিতোৰ স্থানত নাৰুহিতোৱে সিংহাসনত বহা সময়ৰে পৰা পুত্ৰ সন্তাইন নথকা নতুন সম্ৰাটে কিমান দিনলৈ ৰাজ সিংহাসনত থাকিব তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল । সম্প্ৰতি ৬০ বছৰ বয়সীয়া নাৰুহিতোতকৈ ছয় বছৰ কনিষ্ঠ আকিশিনোৰ পুত্ৰ সন্তান আছে ।

Exit mobile version