ভাৰতবিৰােধী চীনা ষড়যন্ত্র অংশীদাৰ বাওঁ বুদ্ধিজীৱী : সৰৱ হিন্দু যুৱ ছাত্র

171271 hy

ৰাজ্যৰ বিচ্ছিন্নতাবাদী শক্তি আৰু ইছলামিক মৌলবাদী শক্তিসমূহক মাৰণাস্ত্রকে ধৰি আর্থিকভাৱে চীনে সম্পূর্ণ সহায় কৰি অহাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। আজি ‘গ্ল’বেল টাইমছ’ত
প্রকাশিত বাতৰিৰ আঁত ধৰি আয়ােজন কৰা এক সংবাদমেলত পৰিষদৰ সভাপতি বলেন বৈশ্যই এই অভিযােগ উত্থাপন কৰি ৰাজ্যৰ বিচ্ছিন্নতাবাদী শক্তি আৰু জেহাদীয়ে চীনৰ সম্পূর্ণ পৃষ্ঠপােষকতা লাভ কৰা বুলি কয়।

উল্লেখ্য যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত দ্বীপ ৰাষ্ট্র টাইৱানৰ পক্ষত থিয় দিয়াক কেন্দ্ৰ কৰি গ্ল’বেল টাইমছত প্রকাশিত বাতৰি অনুসৰি ভাৰতে টাইৱানক সমর্থন আগবঢ়ালে চীনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তি আৰু সন্ত্রাসবাদী সংগঠনসমূহক সাহয় কৰাৰ হুংকাৰ প্ৰদান কৰা বুলি বৈশ্যই উল্লেখ কৰে। এই সংক্রান্তত তেওঁ কয়, বাতৰিটোত ইয়াকো প্ৰকাশ কৰিছে যে দেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজনৈতিক নেতা, বুদ্ধিজীৱীয়ে চীনৰ প্রতিক্রিয়ালৈ অপেক্ষাৰত।

সেয়ে আমি চৰকাৰক আহ্বান জনাওঁ যে এইসমূহ বুদ্ধিজীৱী, ৰাজনৈতিক দলৰ ওপৰত তীক্ষ দৃষ্টি ৰাখক। হিন্দু যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যত নতুনকৈ গঠন হােৱা ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ-এআইডিইউএফৰ গতি বিধিৰ ওপৰত দৃষ্টি ৰাখিবলৈ চৰকাৰক দাবী উত্থাপন কৰি এই সংগঠনসমূহৰ নেতাসকলৰ সন্দেহৰ আৱৰ্তত বুলি কয়।

সমান্তৰালভাৱে বৈশ্যই কয়, ‘ড° হীৰেন গােহাঁইকে প্ৰমুখ্যে কৰি বাওঁপন্থী বুদ্ধিজীৱী চীনৰ ভাৰতবিৰােধী ষড়যন্ত্র অংশীদাৰ। এই বুদ্ধিজীৱীসকলৰ গতিবিধিৰ ওপৰতাে দৃষ্টি ৰাখিব লাগে। ৰাষ্ট্ৰ সুৰক্ষাৰ স্বাৰ্থত এনে চিন্তাধাৰাৰ বুদ্ধিজীৱী, ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক নিয়ােগ কৰিব লাগে।’ উল্লেখ্য যে আলফা স্বাধীনক চীনে সহায় কৰা বুলি পৰিষদৰ সভাপতিজনে উল্লেখ কৰি ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতা, বাওঁপন্থী বুদ্ধিজীৱী, সংগঠনৰ স’তে পৰেশ বৰুৱাৰ মিতিৰালি থকাৰ সন্দেহ ব্যক্ত কৰে।

তেওঁ কয় যে সােণােৱাল চৰকাৰৰ উদাৰতাক এচাম ৰাষ্ট্রদ্রোহীয়ে সদায় দূর্বলতা বুলি ভাবে। এনে বিচ্ছিন্নতাবাদী শক্তি আৰু জেহাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে। সমান্তৰালভাৱে চীনৰ সর্বাধিক প্রচলিত বাতৰি কাকত গ্ল’বেল টাইমছত যােৱা ১০ অক্টোবৰত প্রকাশিত ইণ্ডিয়া টু ইনভাইট ট্রাবুল প্লেইং টাৱাইন কার্ড’ শীর্ষক বাতৰিৰ উদ্ধৃতি দি সংবাদমেলত সভাপতি বৈশ্যই চীনে ভাৰতক বৃহৎ আঘাত হনাৰ বাবে অসম তথা উত্তৰ-পূর্বক বাছনি কৰি লােৱাটো এই অঞ্চলৰ বাসিন্দাসকলৰ বাবে ভয়লগা আৰু দুর্ভাগ্যৰ বিষয় বুলি কয়।

তেওঁ এই সন্দৰ্ভত সন্দেহ ব্যক্ত কৰি কয়, ‘অসম তথা উত্তৰ-পূৰ্বৰ ইছলামিক মৌলবাদী শক্তিক মাৰণাস্ত্র, আর্থিক সহযােগিতা কৰি আহিছে। ৰাজনৈতিক অস্থিৰতা অনাৰ পৰিপ্ৰেক্ষিতত অসমৰ সমাগত নির্বাচনত শাসক দলৰ বিৰুদ্ধে আর্থিক সহায় কৰাৰ পূর্ণ সম্ভাৱনা আছে। সেয়ে তেওঁ বিৰােধী প্ৰতিটো ৰাজনৈতিক দলৰ পুঁজিৰ উৎসৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ চৰকাৰক দাবী জনায়।

Exit mobile version