শালবাৰীত কংগ্ৰেছ নেতা ধীৰাজ ডেকাৰ ইউ পি পি এলত যোগদান

IMG 20201110 WA0018

বাক্সা জিলা কংগ্ৰেছৰ এগৰাকী সক্ৰিয় নেতা তথা প্ৰাক্তন বিজেপি নেতা ধীৰাজ ডেকাই বহুকেইজন কৰ্মী সমৰ্থকসহ ইউ পি পি এল দলত যোগদান কৰে ৷ সোমবাৰে বাক্সা জিলাৰ শালবাৰীত অনুষ্ঠিত হোৱা ইউ পি পি এল দলৰ এখন বিশাল নিৰ্বাচনী সভাত ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত কংগ্ৰেছ নেতা ধীৰাজ ডেকাই আনুষ্ঠানিকভাৱে যোগদান কৰি সংবাদ মাধ্যমৰ আগত কয়, বিটিচি অঞ্চলৰ পৰিস্থিতি দেখিলোঁ ৷ বহু ঘাত প্ৰতিঘাতৰ মাজত সংঘাত দেখিছো ৷ এই সংঘাতৰ সাক্ষী আমি ৷

প্ৰায় এবছৰ পূৰ্বে বিটিআৰ চুক্তি হৈ গ’ল ৷ বিটিআৰ চুক্তিৰ পিছতেই লাহে লাহে শান্তি ঘূৰি আহিছে বিটিআৰলৈ ৷ আগৰ যি ভেদাভেদ, বিভাজন আছিল সেইবোৰ লাহে লাহে নোহোৱা হৈছে ৷ ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বহু বিপ্লৱী সংগঠনৰ নেতৃত্বই বিটিআৰ চুক্তিত স্বাক্ষৰ কৰি শান্তি ওভতাই আনিলে ৷ বিটিআৰত যদিও ৰাষ্ট্ৰীয় দল বিজেপি বা কংগ্ৰেছেও কাম কৰিছিল কিন্তু বিটিআৰ চুক্তিখনত তেওঁলোকৰ কোনো অৱদান বা ত্যাগ নাই ৷

বিটিআৰৰ যি স্বকীয় বৈশিষ্ট্য, ইয়াৰ মানুহৰ যি স্বকীয় পৰিচয় সেইয়া স্থানীয় নেতাৰ হাততেই থাকক ৷ মিছাতে কোনেও পানী ঘোলা কৰাৰ প্ৰয়োজন নাই ৷

উল্লেখ্য যে একেখন সভাতেই বিপিএফ-গণ সুৰক্ষা পাৰ্টি আৰু অবড়োৰ প্ৰায় পাঁচ শতাধিক কৰ্মী সমৰ্থকে ইউ পি পি এল দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷

Exit mobile version