হোৱাইত হাউছত এতিয়াও বিচৰণ কৰে লিংকনৰ আত্মাই !

1

ৰাজনীতি, কূটনীতি, শক্তি আৰু সম্ভ্ৰমৰ প্ৰতিক হোৱাইট হাউছ । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বাসভৱন তথা কাৰ্যালয় ভৱন ১৬০০, পেনছিলভেনিয়া এভিনিউত অৱস্থিত । এই অনুপম প্ৰসাদৰ স’তে জড়িত হৈ আছে অসংখ্য আকৰ্ষণীয় তথ্য ।

বহু ইতিহাসৰ সাক্ষী এই ভৱনটোৱেই এতিয়া সাজু হৈছে আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি জ’ বাইডেনক স্বাগত জনাবলৈ । বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকাল জানুৱাৰীত সমাপ্ত হোৱাৰ পাছতে হোৱাইট হাউছত পৰিয়ালসহ প্ৰৱেশ কৰিব বাইডেনে । ইয়াৰ লগে লগে চৰ্চালৈ আহিছে হোৱাইট হাউছক কেন্দ্ৰ কৰি থকা বিভিন্ন আকৰ্ষণীয় তথ্যসমূহ । হোৱাইট হাউছৰ নিৰ্মাণকাৰী স্থপতিবিদ জেমছ হোবান আছিল জন্মসূত্ৰে আইৰিছ । ১৭৮৫ত তেওঁ ফিলাডেলফিয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । পাছত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰে ।

উল্লেখ্য যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ এশ বছৰৰ পাছতহে এই সুবিশাল প্ৰাসাদে হোৱাইট হাউছ নাম পাইছিল । প্ৰথম এশ বছৰত এই ভৱনৰ নাম আছিল ‘এক্সিকিউটিভ ৰেছিডেন্স’ । ‘হোৱাইট হাউছ’ নামকৰণ হয় ১৯০১ত । সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল প্ৰয়াত টেডী ৰুজভেল্ট ।

স্থপতিবিদ হোবান আইৰিছ মূলৰ হোৱাৰ বাবেই ডাবলিনৰ লেনষ্টাৰ হাউছৰ স’তে হোৱাইট হাউছৰ স্থাপত্যৰীতিৰ সাদৃশ্য আছে । হোৱাইট হাউছৰ বাবে ভূমি পছন্দ কৰাৰ পৰা ফৰাচী স্থপতিবিদ পীয়েৰেঁ লেফঁৰ দ্বাৰা তৈয়াৰী নক্সা অনুমোদন জনোৱালৈকে সকলোৰেই কৰিছিল আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাচিংটনে । কিন্তু তেওঁ কোনোদিনে এই ভৱনত ভৰি দিবলৈ নাপালে । ১৭৯৭ত ৰাষ্ট্ৰপতি ৰূপে ৱাশ্বিংটনৰ কাৰ্যকালৰ ম্যাদ সমাপ্ত হয় । ইয়াৰ দুবছৰৰ পাছত তেওঁৰ মৃত্যু হয় ।

আনহাতে, হোৱাইট হাউছৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় ১৮০০ত । ৱাশ্বিংটনেই আমেৰিকাৰ ৰাষ্ট্ৰপতি, যি এটা দিনো এই ভৱনত থকাৰ সুযোগ নাপালে । আমেৰিকাৰ দ্বিতীয় ৰাষ্ট্ৰপতি জন আডামছে ১৮০০ৰ পহিলা নৱেম্বৰত প্ৰথমবাৰলৈ হোৱাইট হাউছত প্ৰৱেশ কৰে ।

তেতিয়াৰ ইৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু বাসগৃহ ৰূপে চিহ্নিত হৈ আহিছে অনুপম বগা বৰণৰ প্ৰসাদটো । ১৮১২ত গ্ৰেট ব্ৰিটেইন আৰু সহযোগী দেশসমূহৰ স’তে আমেৰিকাৰ যুদ্ধ আৰম্ভ হয় । এই যুদ্ধৰ মাজতে ১৮১৪ত ব্ৰিটিছ বাহিনীয়ে হোৱাইট হাউছত অগ্নি সংযোগ কৰে । ফলত ইয়াৰ মেৰামতিৰ বাবে পুনৰ দায়িত্ব পায় স্থপতিবিদ হোবানে । তেওঁৰ পৰিকল্পনাতে নতুন ৰূপত গঢ়ি উঠে হোৱাইট হাউছ । মেৰামতি আৰু নতুন নিৰ্মাণ পৰ্ব ১৮১৭ত সম্পূৰ্ণ হয় । ইয়াৰ পাছতো হোবানে মাজে-সময়ে হোৱাইট হাউছৰ কোনো কোনো অংশৰ সংযোজন ঘটাইছিল ।

প্ৰতিবাৰ বিদায়ী ৰাষ্ট্ৰপতি বিদায় লোৱাৰ পাছত নতুন ৰাষ্ট্ৰপতিৰ বাবে সমগ্ৰ ভৱনটো নতুনকৈ সজোৱা হয় । আচবাব-পত্ৰ, শিল্প-সামগ্ৰী সহ ভৱনৰ সমস্ত ভিতৰুৱা সজ্জাৰ আমোল পৰিৱৰ্তন ঘটে । এই ভৱনত থকাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কেনো ধন দিব নালাগে । কিন্তু অন্যান্য বহু ক্ষেত্ৰত তেওঁ ব্যয় বহন কৰিব লাগে । আমেৰিকাৰ নৱম ৰাষ্ট্ৰপতি উইলিয়াম হেনৰি হেৰিছন, দ্বাদশ ৰাষ্ট্ৰপতি জেকাৰি টেইলৰৰ হোৱাইট হাউছতে মৃত্যু হৈছিল ।

ইয়াৰ উপৰি দশম ৰাষ্ট্ৰপতি জন টাইলাৰৰ পত্নী কেৰ’লিন হেৰিছন আৰু ১৮ সংখ্যক ৰাষ্ট্ৰপতি উড্ৰ’ উইলছনৰ পত্নী এলেন উইলছন, এই তিনি গৰাকী প্ৰাক্তন ‘ফাৰ্ষ্ট লেডী’ৰো হোৱাইট হাউছতে মৃত্যু হৈছিল । অন্যান্য ঐতিহাসিক ভৱনৰ দৰে হোৱাইট হাউছৰ স’তেও যুক্ত হৈ আছে ভৌতিক আখ্যা ।

বহুতেই দাবী কৰে যে এই ভৱনত আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ অশৰীৰি আত্মাৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে । হত্যাৰ বলি হৈছিল লিংকন । বিভিন্ন সময়ত হোৱাইট হাউছত কৰ্মৰত নিৰাপত্তাৰক্ষী তথা কৰ্মচাৰীয়ে দাবী কৰি আহিছে যে তেওঁলোকে নিশাৰ ভাগত লিংকনৰ আত্মাৰ উপস্থিতি অনুভৱ কৰিছিল ।

ৰাষ্ট্ৰপতিৰ ব্যক্তিগত কাৰ্যালয়ত যেন মধ্যনিশা লিংকনে নিজৰ কামত ব্যস্ত হৈ পৰিছিল । ইয়াৰ উপৰি হোৱাইট হাউছতে মৃত্যু হোৱা এগৰাকী ‘ফাৰ্ষ্ট লেডী’ৰ আত্মাৰ উপস্থিতিৰ অনুভৱ কৰা বুলিও বহুতে দাবী কৰিছিল । নিজৰ কোঠাৰ খিৰীকিৰে বিষণ্ণ মনে বাহিৰলৈ চাই থকা সেই আত্মাক শৰীৰিৰূপত দেখা বুলিও বহুতে দাবী কৰিছিল । হোৱাইট হাউছত এটা সুবিশাল ছুইমিং পুল আছে । ইয়াৰ উপৰি আন এটা পুল নিৰ্মাণ হৈছিল, প্ৰয়াত ৰাষ্ট্ৰপতি ৰুজভেল্টৰ আমোলত । এই আন্তঃদ্বাৰ পুল সম্প্ৰতি আছে জেমছ এছ ব্ৰেডী প্ৰেছ ব্ৰিফিং ৰূমৰ তলত ।
আশ্চৰ্যকৰ কথা এই যে অত্যাধুনিক ভৱনটো প্ৰায় এশ বছৰ ধৰি বিদ্যুংহীন হৈ আছিল । ১৮৯১ পৰ্যন্ত গেছবাতিৰ দ্বাৰা হোৱাইট হাউছ আলোকিত হৈছিল । ২৩ সংখ্যক ৰাষ্ট্ৰপতি হেৰিছনৰ আমোলত ভৱনত প্ৰথম বিদ্যুৎ সংযোগ হয় । অৱশ্যে তেওঁ এই পৰিৱৰ্তনক লৈ যথেষ্ট চিন্তিত আছিল । অগ্নিদগ্ধ হোৱাৰ আতংকই তেওঁক গ্ৰাস কৰিছিল । হেৰিছন ইমানেই আতংকিত হৈছিল যে তেওঁ নিজে কোনো দিনেই ছুইচ পৰ্যন্ত দিয়া নাছিল ।

আমেৰিকাৰ কেবাজনো শীৰ্ষস্থানীয় ৰন্ধনবিদৰ দায়িত্বত পৰিচালিত হয় হোৱাইট হাউছৰ ৰন্ধনশালা । একেলগে এহেজাৰৰ অধিক অতিথিক পৰিৱেশন কৰাৰ বাবে এই ৰান্ধনীশালা সকলো সময়তে প্ৰস্তুত থাকে । অৱশ্যে দৈনন্দিনৰ খাদ্য প্ৰস্তুত হয় বসবাসকাৰী ৰাষ্ট্ৰপতি পছন্দ অনুসৰি । বাহিৰৰ পৰা যামানেই সম্ভ্ৰম জগায় নোতোলক কিয়, হোৱাইট হাউছ বাসিন্দাসকলৰ বাবে এই ভৱন প্ৰায়েই শ্বাসৰূদ্ধকাৰীৰূপে চিনিত হৈ আহিছে ।

প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অ’বামাই কৈছিল যে তেওঁক কোনো দিনে এক মুহূৰ্তৰ বাবেও কোঠাৰ খিৰীকি খুলিবলৈ দিয়া হোৱা নাছিল । ইয়াৰ বাসিন্দাসকলক প্ৰতি ক্ষণতে তীক্ষ্ণ নীৰিক্ষণত ৰখা হয় । এবাৰৰ বাবেও কোনোৱে অকলে এই ভৱনৰ বাহিৰলৈ যাৱ নোৱাৰে । প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰুমেনে হোৱাইট হাউছক ‘বগা কাৰাগাৰ’ আখ্যা দিছিল । আনহাতে, প্ৰক্তন ফাৰ্ষ্ট লেডী জুলী নিক্সনে এই বাসগৃহত ব্যক্তিগত পৰিৱেশৰ অভাৱ থকা বুলি গণ্য কৰিছিল ।

তেওঁ ধাৰণা কৰিছিল যে সকলো সময়তে নিৰাপত্তাৰক্ষী আৰু সংবাদ মাধ্যমৰ উপস্থিতিয়ে ব্যক্তি স্বাধীনতা বিঘ্নিত কৰিছিল । বছৰৰ প্ৰায় প্ৰতিটো দিনতে ভৱনৰ মেৰামতিৰ কাম চলি থাকে । এই মেৰামতি পৰ্বৰ অন্যতম হৈছে ভৱনৰ শুধ বগা ৰং অটুট ৰখা । কোনোপধ্যে যাতে ভৱনটোৱে নিজৰ নামকৰণৰ অৰ্থ হেৰুৱাই নেপেলাই, তাৰ বাবে সতৰ্ক দৃষ্টি ৰখা হয় । ভৱনটোৰ মুঠ ৫৫ হেজাৰ বৰ্গ ফুট অংশত বগা ৰং কৰিবলৈ প্ৰতি বাৰত প্ৰয়োজন হয় ৫৭০ গেলন ৰং ।

প্ৰতি বছৰে ৭ লাখ ৫০ হেজাৰৰ পৰা ১৬ লাখ ডলাৰ ব্যয় হয় হোৱাইট হাউছৰ ৰক্ষণাৱেক্ষণত । অন্যান্য ‘হাই প্ৰ’ফাইল’ ভৱনৰ দৰে হোৱাইট হাউছতো আছে গোপন প্ৰৱেশ পথ । হোৱাইট হাউছৰ বেছমেণ্টৰ পৰা সেই গোপন পথ আৰম্ভ হৈ আনটো প্ৰান্ত খুলিছে ৱাশ্বিংটন ডিচিৰ এইছ ষ্ট্ৰীটত । দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এই সুৰংগ নিৰ্মাণ কৰা হৈছিল ।

ইয়াৰ লগতে নিৰ্মাণ হয় হোৱাইট হাউছৰ তলৰ বোমা ছেল্টাৰ । হোৱাইট হাউছৰ বাসিন্দা মানেই তেওঁলোকৰ সকলো খৰচ দেশে বহন কৰিব লাগিব বুলি কোনো কথা নাই । ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালে নিজৰ খোৱাৰ খৰচ আদায় দিব লাগে । তাৰ লগতে ড্ৰাই ক্লিনিং, কেশসজ্জা, ৰূপসজ্জা আৰু কোনো পাৰ্টীৰ আয়োজন কৰিলে তাৰ খাদ্য সম্ভাৰৰ খৰচ আদি সংশ্লিষ্ট ৰাষ্ট্ৰপতিয়ে আদায় দিব লাগে ।

উল্লেখ্য যে শৌৰ্য আৰু গৰিমাৰ প্ৰতিক এই হোৱাইট হাউছ নিৰ্মাণ হৈছিল এফ্ৰ’ -এছিয়ান ক্ৰীতদাসসকলৰ শ্ৰমেৰে । এই ইতিহাসে মনত অশান্তি দিয়াৰ কথা বাৰে বাৰে স্মৃতিচাৰণ কৰি আহিছে প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল অ’বামাই ।

Exit mobile version