SCO সন্মিলনত পাকিস্তান আৰু চীনক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

WhatsApp Image 2020 11 10 at 5.33.29 PM

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Shanghai Cooperation Organization ৰ SCO সন্মিলনত অনলাইন যোগেৰে অংশ লয়। SCO ৰ ২০ সংখ্যক সন্মিলনত ভাগ লৈ মোডীয়ে কয় যে সংযুক্ত ৰাষ্ট্ৰই ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিলে। লগতে পাকিস্তান আৰু চীনক উদ্দেশ্য কৰি মোদীয়ে কয় যে সকলো দেশেই ক্ষেত্ৰীয় অখণ্ডতা বৰ্তাই ৰাখিব লাগিব।

সাম্প্ৰতিক সময়ত বিশ্বত কৰ’নাই কৰা সন্ত্ৰাসৰ বিৰুদ্ধে মোদীয়ে কয় বহু সফলতাৰ পাছতো সংযুক্ত ৰাষ্ট্ৰই মূল লক্ষ্যত এতিয়াও উপনীত হ’ব পৰা নাই। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত মহামাৰীৰ সৃষ্টি কৰা দেশসমূহলৈ ইতিমধ্যে ভাৰতৰ ঔষধ প্ৰেৰণ কৰিছে ।

আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি Vladimir Putin ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় দুৰ্ভাগ্যপূৰ্ণভাৱে ভাৰতৰ দ্বিপাক্ষিক বিষয়সমূহ ইতিবাচক নহয়। এইসমূহ বিষয়ে SCO আৰু Sanghaiৰ ভাৱনাক উলংঘন কৰিছে ।

মোদীৰ মন্তব্য’ভাৰতৰ শান্তি,সুৰক্ষা আৰু সমৃদ্ধিৰ ওপৰত দৃঢ় বিশ্বাস আছে ৷আমি সদায়ে সন্ত্ৰাসবাদ,অবৈধ মাৰণাস্ত্ৰ,মাদকদ্ৰব্য,টকা সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো।”

এই সন্মিলনত চীনৰ নাম নোলোৱাকৈয়ে মোদীয়ে কয় “ভাৰত সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে সদায় দৃঢ় প্ৰতিজ্ঞ।”

Exit mobile version