অসম মিজোৰামৰ সীমান্ত সমস্যাক লৈ অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠক

Mizoram edited

অসম মিজোৰাম সীমা বিবাদক লৈ আজি লায়লাপুৰত পুনৰ দুই ৰাজ্যৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় ৷ কাছাৰ জিলা প্ৰশাসন, মিজোৰাম কলাশিব জিলা প্ৰশাসন আৰু লায়লাপুৰৰ আন্দোলনকাৰীসকলৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় ৷

এই বৈঠকত উপস্থিত আছিল কাছাৰ জিলা উপায়ুক্ত কৃত্তি জল্লী , আৰক্ষী অধীক্ষক বি এল মিনা, কলাশিব এছ পি আৰু উপায়ুক্তৰ লগতে লায়লাপুৰৰ আন্দোলনকাৰীসকল ৷কিন্তু দীৰ্ঘ সময়ৰ এই বৈঠকখনত কোনো সমাধান সূত্ৰ নোলাল ৷

ইপিনে কলাশিব এছ পি আৰু উপায়ুক্তৰ মত আছিল যে মিজোৰামৰ যিসমূহ যানবাহন লায়লাপুৰত আৱদ্ধ কৰি ৰখা হৈছে সেই সকলো যানবাহন যাতে এৰি দিয়া হয় ৷ তাৰ বিপৰীতে বৈঠকত আন্দোলনকাৰীসকলৰ মন্তব্য আছিল যে মিজোৰামৰে অসমৰ ভূমি এৰি দিয়াৰ পাছত মিজোৰামৰ সকলো যানবাহন এৰি দিয়া হ’ব ৷

কিন্তু আন্দোলনকাৰীৰ এই দাবী কোনো গুৰুত্ব দিয়া নাই মিজো প্ৰশাসনে ৷ আন্দোলনকাৰীৰ এই দাবীত কলাশিবৰ উপায়ুক্তই কয় যে এইয়া মীমাংসা কৰিব কেন্দ্ৰ চৰকাৰে ৷ এতিয়া গাড়ী এৰি দিব লাগে ৷ যাৰ বাবে বৈঠক খনত কোনো সমাধান সূত্ৰ বাহিৰ হোৱা নাই ৷ ইপিনে আন্দোলনকাৰীসকলে বৈঠক শেষ কৰি সংবাদ মাধ্যমক সদৰী কৰে যে যেতিয়ালৈকে মিজোৱে অসমৰ ভূমি এৰি নাযায় তেতিয়ালৈকে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত থাকিব ৷

Exit mobile version