আজৰাৰ গড়লত নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল ৱেগনাৰ

ade3dff6 4be3 42e9 bcc1 b7a4114e164c

আজাৰা থানাৰ অন্তৰ্গত গড়লত আজি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খালত বাগৰি পৰে এখন ৱেগনাৰ । খানামুখৰ তেল ডিপোৰ সমীপৰ নিৰঞ্জন বৈশ্যই আজি দুপৰীয়া এক মান বজাত এ এচ ০১ এ আৰ-৮৮৭০ নম্বৰৰ ৱেগনাৰ বাহনখন লৈ গড়লৰ পৰা নিজ গৃহলৈ আহি আছিল ।

গড়ল দুৰ্গা মন্দিৰ পাৰ হোৱাৰ পাছতে হঠাতে বৈশ্য অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই ৱেগনাৰ বাহনখন পথৰ পৰা বাগৰি পথৰ দাঁতিত থকা খালত সোমাই যায় ।

অৱশ্যে সৌভাগ্যক্ৰমে চালক নিৰঞ্জন বৈশ্যই কোনো আঘাট নোপোৱাকৈ ৰক্ষা পৰে । আৰু পাছত ৰিকভাৰী ভানৰ সহায়ত বাহনখন খালৰ পৰা উঠাই অনা হয় ।

Exit mobile version