বিটিআৰ চুক্তি ৰূপায়ণ আৰু বিটিচি নিৰ্বাচন একাকাৰ কৰি শাসকপক্ষই ৰাইজক বিভ্ৰান্তি কৰি ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছেঃটাইচন হুচেইন

23816509 9b3b 4c32 a6f9 4fbcb8113160

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য আগবঢ়াই । টাইচন হুছেইনে কয় যে বিটিআৰ চুক্তি ৰূপায়ণ আৰু বিটিচি নিৰ্বাচন শাসকপক্ষই আজিৰ তাৰিখত একাকাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছে। আচলতে বিটিআৰ চুক্তি ৰূপায়ণৰ পাছৰে পৰা ছাত্ৰ সংগঠনটোৱে একপক্ষীয় চুক্তি বুলি দাবী কৰি আছিল ।

এই চুক্তিয়ে বিটিচি অঞ্চলৰ সকলো অজনজাতীয় লোকক সাংঘাতিকভাৱে ক্ষতি কৰিব। ইয়াত সকলো অধিকাৰ পদদলিত কৰাৰ লগতে ভূমিৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। বাৰে বাৰে দাবী কৰি অহাৰ পিচতো শাসক পক্ষই আমাৰ কথাত কোনো গুৰুত্ব আৰোপ কৰা নাই। ছাত্ৰ নেতাজনে লগতে বিটিআৰ চুক্তিৰ দফাসমূহৰ সংশোধনৰ দাবী ইতিমধ্যে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সন্দৰ্ভত মন্তব্য কৰে । কম দিনৰ ভিতৰতে ছাত্ৰ সংগঠন টোৱে আন্দোলন আৰম্ভ কৰিব।

বিটিআৰ চুক্তিৰ ৭.২ নং দফা মতে জনজাতীয় লোকৰ বাহিৰে আন লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । স্বাধীনতাৰ পাছৰে পৰা এই অঞ্চলত কোনো জৰীপ হোৱা নাই আৰু ভূমি পাট্টা প্ৰদান কৰা হোৱা নাই। গতিকে এই চুক্তিৰ দ্বাৰা দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা লোকসকল ভূমিহীন হ’ব । ভূমিৰ সমস্যাটো এই অঞ্চলৰ প্ৰধান সমস্যা । গতিকে এই সমস্যাৰ সমাধাম নকৰি চৰকাৰে এনডিএফবি,এবছুৰে সৈতে চুক্তি কৰিলে অন্যান্য সকলো জনগোষ্ঠীক অন্ধকাৰত ৰাখিছে । তেওঁ আৰু কয় যে গতিকে চৰকাৰে যিহেতু আমাৰ কথা শুনা নাই ৷ গতিকে বঞ্চিত জনগণৰ বাবে থকা দুটা পথ এটা হৈছে অত্যাচাৰী সকলৰ বৈশ্যতা স্বীকাৰ কৰা যিটো আমি কেতিয়াও নকৰো আৰু আনটো হৈছে আন্দোলন কৰা । গতিকে আমি নিজৰ অধিকাৰৰ আদায় নোহোৱালৈকে আন্দোলন কৰি যাম ৷

বিটিচিৰ লাখ লাখ জনসাধাৰণক এবিএমছুয়ে আন্দোলন কৰিব। আজি বিটিচিৰ যিসমূহ ৰাজনৈতিক দলে বিটিচি নিৰ্বাচনক লৈ ৰাজনীতি কৰিছে তেওঁলোকে কৈ আছে যে ভূমিৰ অধিকাৰ দিব,সম অধিকাৰ বা সম মৰ্য্যাদা দিব । কিন্ত দিব কিদৰে ? কোন খন চুক্তি বা নীতিৰ আধাৰত দিব বুলি প্ৰশ্ন কৰাৰ লগতে কয় যে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ হাতত আলাউদ্দিনৰ চাকি আছে নেকি ? তেওঁ প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাই কয় যে প্ৰমোদ বড়োৰ যদি সৎ সাহস আছে তেন্তে বিটিআৰ চুক্তি লৈ ৰাজনীতি কৰাৰ অধিকাৰ আছে কৰক ৷ কিন্তু ইয়াৰ পূৰ্বে বিটিআৰ চুক্তিৰ সকলো দফাসমূহ এবাৰ ৰাইজক জনাওক। তাত কি লিখা আছে সেয়া ৰাইজেও শুনক ।

তাৰ পিচত যদি ৰাইজে সমৰ্থন কৰে তাত ক’বলগীয়া নাই।স্পষ্ট কথা যে বিটিআৰ চুক্তি লৈ তেওঁলোকে ৰাজনীতি কৰিছে। মিছা মাতিছে । গতিকে ইয়াৰ অধিকাংশ লোকৰ অধিকাৰ খৰ্ব কৰাৰ বাবে প্ৰমোদ বড়োই ৰাজনীতি কৰি আছে বুলি অভিযোগ কৰে ছাত্ৰ নেতা টাইচন হুচেইনে । তেওঁ লগতে কয় যে বিগত সময়ছোৱাত যিদৰে হাগ্ৰামা মহিলাৰীয়ে প্ৰতাৰণা কৰিলে একেদৰেই পৰিৱৰ্তনৰ নামত প্ৰমোদ বড়োও প্ৰতাৰণা কৰিব সেয়া নিশ্চিত ।

এবিএমছুয়ে আজিলৈ কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই বুলি স্পষ্ট কৰি দি কয় যে প্ৰাক্তন কৰ্মীসকলে যদি ৰাজনৈতিক দলত গৈছে তাত ক’বলগীয়া নাই । কিন্তু আমি দীৰ্ঘদিনেই আন্দোলন কৰি আছো আন্দোলন কৰিয়ে যাম বুলি কোৱাৰ লগতে কয় যে ইতিমধ্যে আমি মন্ত্ৰী হিমন্ত বিশ্বক লগ ধৰি এইবিষয়ে জনোৱা হৈছে ।

গতিকে এই বিষয়ে কম সময়ৰ ভিতৰতে ৰাজ্যিক পৰ্যায়ত বিটিআৰ চুক্তি লৈ গুৱাহাটীত এক বুদ্ধিজীৱি সন্মিলন কৰি আন্দোলন কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও জনায় ছাত্ৰ নেতা জনে। তেওঁ লগতে কয় যে ইতিমধ্যে বিটিচিৰ চুকে কোনে বিটিআৰ চুক্তিৰ ভয়ানক দিশৰ বিষয়ে ৰাইজক অৱগত কৰাৰ বাবে সভা সমিতি আদি কৰা হৈ আছে । আজিও ছাত্ৰ সংগঠনটোৱে চিৰাং জিলাৰ কে’বাঠাইত সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হৈ আছে বুলিও জনায় এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে।

Exit mobile version