বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ বিতৰ্ক

nITISH 1582858016

শেষনিশালৈ হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেষত নীতিশ কুমাৰৰ দলে হিলসা সমষ্টিত কেৱল ১২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । এয়াই আটাইতকৈ কম ব্যৱধান । মঙলবাৰে শেষ নিশা নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি হিলসা বিধানসভা সমষ্টিত জেডিইউৰ প্ৰাৰ্থী কৃষ্ণমুৰাৰি চৰণ ওৰফে প্ৰেম মুখিয়াই ৬১,৮৪৮ ভোটত জয়ী হৈছে । ইয়াৰ বিপৰীতে তেঁওৰ প্ৰতিদ্বন্দি আৰজেডিৰ প্ৰাৰ্থী অত্ৰি মুনি ওৰফে শক্তি সিং যাদৱে লাভ কৰিছে ৬১,৮৩৬ টা ভোট।

আনহাতে, নিৰ্বাচন আয়োগৰ মতে, জেডিইউ প্ৰাৰ্থীয়ে ২৩২ পষ্টেল ভোট লাভ কৰাৰ পিছত আৰজেডিয়ে ২৩৩ টা । ইপিনে, বিৰোধী মিত্ৰজোঁটৰ দলে অভিযোগ কৰে যে, নীতিশ কুমাৰ চৰকাৰৰ চাপৰ বাবে তেওঁলোকৰ বহু প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা নহ’ল । লগতে ১১০ ৰ পৰিৱৰ্তে ১১৯ খন আসন লাভ কৰিছে বুলি দাবী কৰে আৰজেডিয়ে । নিৰ্বাচন আয়োগে এই অভিযোগ নস্যাৎ কৰি কয় যে আমাক কোনেও চাপ দিয়া নাই।

Exit mobile version