১০ গুণ অধিক শক্তিশালী কৰ’না প্ৰতিষেধক

vaccine1603384284732

কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত অতি শক্তিশালী ক’ভিড-১৯ প্ৰতিষেধক ‘কেণ্ডিডেট’ আৱিষ্কাৰৰ দাবী কৰিছে আমেৰিকাৰ গৱেষকে । এই প্ৰতিষেধকৰ সামান্য ‘ডোজ’ ব্যৱহাৰ কৰিলেও ১০ গুণ অধিক ক্ষমতা সম্পন্ন হ’ব বুলিও গৱেষকসকলে জনাইছে । অৱশ্যে বৰ্তমানলৈ মানৱ দেহত এই প্ৰতিষেধকৰ পৰীক্ষা কৰিবলৈ বাকী আছে । এই গৱেষণাৰে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিন বিভাগৰ বিজ্ঞানীসকলো জড়িত হৈ আছে ।

প্ৰতিষেধকৰ পৰীক্ষা ইতিমধ্যে এন্দুৰৰ শৰীৰত কৰা হৈছে । এই পৰীক্ষাত বৃহৎ সফলতা লাভ কৰা হৈছে । প্ৰতিষেধকৰ প্ৰতিৰোধ ক্ষমতাৰ বৰ্ধিত সময়ক লৈ অধিক আশাবাদী গৱেশকসকলে ই কৰ’নাক প্ৰতিৰোধ কৰিবলৈ সেয়েহে সক্ষম হ’ব বুলি দাবী কৰিছে । বৈজ্ঞানিক জাৰ্নেল ‘চেল’ত এই গৱেষণাৰ বিষয়ে প্ৰকাশ পাইছে । গৱেষকসকলে জনোৱা অনুসৰি কৰ’নাত আৰোগ্য লাভ কৰাসকলৰ শৰীৰত সৃষ্টি হোৱা ‘এণ্টিব’ডী’তকৈও অধিক মাত্ৰাত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হৈছে এই প্ৰতিষেধক । সাধাৰণতকৈ ছয় গুণ কমকৈ ডোজ দিয়াৰ পাছতো এন্দুৰৰ শৰীৰত ১০ গুণ অধিক প্ৰতিৰোধ ক্ষমতাৰ উৎপত্তি হৈছে ।

স্তন্যপায়ী প্ৰাণীৰ শৰীৰত প্ৰৱেশৰ পাছত প্ৰতিষেধকৰ আণৱিক বৱস্থাই কৰ’না ভাইৰাছৰ প্ৰতিৰোপ সৃষ্টি কৰি লয় । ইয়াৰ পাছত কৰ’নাৰ ‘স্পাইক’ত আঘাত হানিবলৈ লয় । এনেদৰে শৰীৰত প্ৰতিৰোধ ক্ষমতাৰো বৃদ্ধি কৰে । ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এই গৱেষণাৰ সহকাৰী লেখক নিল কিঙে কয়, ‘আশা কৰিছো আমাৰ নেন’পাৰ্টিকেল প্লেটফ’ৰ্মটোৱে কৰ’না বিৰোধী যুঁজত সহায় কৰিব’ । প্ৰতিষেধকৰ ক্ষমতাক লৈও যথেষ্ট আশাবাদী কিং । এই প্ৰতিষেধকৰ কাৰ্যকৰিতা, স্থায়িত্ব তথা প্ৰতিৰোধ ক্ষমথা অন্য বহু গৱেষণাৰত প্ৰতিষেধকতকৈ পৃথক মাত্ৰা প্ৰদান কৰিব বুলিও মত ব্যক্ত কৰিছে কিঙে ।

Exit mobile version