এষ্ট্ৰাজেনেকাৰ চাৰি কোটি কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰিছে চেৰাম ইনষ্টিটিউটে

jpg 1

পৃথিৱীৰ বৃহত্তম প্ৰতিষেধক নিৰ্মাণকাৰী সংস্থা চেৰাম ইনষ্টিটিউটে প্ৰায় চাৰি কোটি প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে। Astrazeneca কৰ’না প্ৰতিষেধক অধিক হাৰত তৈয়াৰ কৰা হৈছে বুলি জনায় সংস্থাই। আনহাতে, novavax প্ৰতিষেধক প্ৰস্তুতৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি দাবী কৰিছে সংস্থাই ।

লগতে novavax প্ৰতিষেধকৰ ট্ৰায়েলৰ বাবে প্ৰয়োজনীয় অনুমতি বিচাৰিছে সংস্থাই । চেৰাম ইনষ্টিটিউটে জনোৱা মতে, ভাৰতত পৰৱৰ্তী ট্ৰায়েলৰ বাবে ১৬০০ স্বেচ্ছাসেৱকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সহায়ত Astrazenecaৰ ক’ভিড প্ৰতিষেধকৰ পৰীক্ষা ভাৰতত উচ্চ পৰ্যায়ত আছে।

চেৰাম ইনষ্টিটিউট আৰু ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছে যৌথভাৱে অতি শীঘ্ৰেই ভাৰতত জনসাধাৰণৰ মাজত উপলব্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । যদিও চাৰি কোটি প্ৰতিষেধক প্ৰস্তুত কৰা হৈছে , এইসমূহ ভাৰতৰ সাধাৰণ লোকে লাভ কৰিব নে নাই সেই সন্দৰ্ভত মুখ খোলা নাই দুই সংস্থাই ।

Exit mobile version