নিয়ন্ত্ৰণৰ আওতালৈ ছ’চিয়েল মিডিয়াৰ উপৰি নেটফ্লিক্স-এমাজন প্রাইম-হটষ্টাৰ আদি

WhatsApp Image 2020 11 12 at 10.41.33 AM

অনলাইন নিউজ পর্নেল আৰু নেটফ্লিক্স, এমাজন প্রাইম ভিডিঅ’ আৰু হটষ্টাৰআদিৰ দৰে বিনােদনধর্মী অনলাইন প্লেটফৰ্মক কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ অধীনলৈ অনা  হ’ব। কেন্দ্রীয় চৰকাৰে এই সম্পর্কীয় নির্দেশনা জাৰি কৰে। ফেচবুক, টুইটাৰ, ইনষ্টাগ্রাম আদিৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ক্ষেত্ৰতাে চৰকাৰী নিয়ন্ত্রণ প্রযােজ্য হ’ব।

অনলাইন প্লেটফৰ্মৰ জৰিয়তে প্রচাৰিত চলচ্চিত্র, অডিঅ’-ভিজুৱেল আৰু বাতৰি, কাৰেণ্ট এফেয়াৰ্ছ আদি সকলাে মন্ত্রণালয়ৰ অধীনলৈ যাব। এই পর্যন্ত ডিজিটেল বিষয় বস্তু নিয়ন্ত্ৰণৰ বাবে কোনাে আইন অথবা স্বতন্ত্র সংস্থা নাছিল। প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াই ছপা মাধ্যম, দ্য নিউজ ব্রডকাষ্টাৰ এছ’চিয়েছন (এন বি এ)-এ নিউজ চেনেলৰ পুনৰীক্ষণ কৰে। বিজ্ঞাপনৰ বাবে আছে এডভাটাইজিং ষ্টেণ্ডার্ড কাউঞ্চিল অৱ ইণ্ডিয়া আৰু চলচ্চিত্ৰৰ নিয়ন্ত্ৰণৰ বাবে আছে চেন্ট্রেল ব’র্ড অৱ ফিল্ম চার্টিফিকেচন।

এতিয়াৰে পৰা আৰু স্বাধীন’ হৈ নাথাকে ‘অ’ টি টি’ প্লেটফর্ম। অনলাইনৰ অডিঅ’ ভিজুৱেল বিষয়বস্তুৰ পৰা সংবাদ সকলােতে কঠোৰ দৃষ্টি ৰাখিব কেন্দ্রীয় চৰকাৰে। বহুদিন ধৰি জল্পনা-কল্পনা অব্যাহত আছিল এই বিষয়ত। স্বতন্ত্র সংস্থাই ‘অভাৰ দ্য ট’প’ অথবা অ’ টি টি প্লেটফর্ম নিয়ন্ত্রণ কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত চলি থকা এক গােচৰকালীন যােৱা মাহত এই সন্দৰ্ভত কেন্দ্ৰৰ মতামত বিচাৰিছিল।

অ’ টি টি প্লেটফৰ্মত আছে নিউজ পৰ্টেলৰ লগতে হটষ্টাৰ, নেটফ্লিক্স, এমাজন প্রাইম ভিডিঅ’ আদিৰ দৰে স্ট্রিমিং ছার্ভিছেছ (সেৱা)। অ’ টি টি স্ট্রিমিং আৰু বিভিন্ন ডিজিটেল মিডিয়া মঞ্চ বা প্লেটফর্মে চিত্র নির্মাতা তথা
শিল্পীসকললৈ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। এইসকলে তেওঁলােকৰ ছবি অথবা ছিৰিজৰ বাবে চেঞ্চৰ ব’ৰ্ডৰ পৰা সেউজ সংকেত বা প্রমাণপত্র সংগ্রহৰ উদ্বেগমুক্ত হৈ অনলাইনযােগে মুকলি কৰিব পাৰে। এই কথা আদালতৰ আবেদনত উল্লেখ কৰা হৈছে।

সময়ৰ লগে লগে এনে অ’ টি টি প্লেটফর্ম বা ডিজিটেল সংবাদ মাধ্যমৰ চাহিদা বৃদ্ধি পাইছে। ইণ্টাৰনেট আৰু স্মার্টফোনৰ সুবাদত দেশৰ চুকে-কোণে এই মাধ্যম বিস্তাৰিত হৈছে। বিশেষকৈ তলাবন্ধৰ সময়ছােৱাত সকলােৰে বাবে প্রিয় হৈ পৰে অ’ টি টি।

এই দিশলৈ লক্ষ্য ৰাখি নেটফ্লিক্স, এমাজন প্রাইম আৰু হটষ্টাৰৰ দৰে জনপ্রিয় ৱেব মাধ্যমসমূহে ভাৰতৰ বজাৰ দখল কৰিবলৈ তৎপৰ হৈ পৰে। এনে বিভিন্ন ৱেব ছিৰিজত যৌনতা, অশ্লীল ভাষা প্রয়ােগ অথবা হিংসাত্মক ঘটনা প্রদর্শনৰ অভিযােগ উঠিছে।

বহু সময়ত এনে ছিৰিজৰ বিষয়বস্তু প্রশ্নৰ সন্মুখীন হৈছে। নিউজ পৰ্টেল সমূহৰ বিৰুদ্ধে বহু সময়ত ভুল তথ্য প্রচাৰৰ অভিযােগ উত্থাপন হৈছে; কিন্তু নির্দিষ্ট আইন নথকা বাবে এইবােৰক নিয়ন্ত্রণ কৰাটো সম্ভৱ হােৱা নাছিল।

Exit mobile version