শালবাৰীৰ আনন্দ বজাৰত অৰ্ধশতাধিক অবড়ো-বিপিএফৰ ইউ পি পি এলত যোগদান

WhatsApp Image 2020 11 12 at 7.31.23 PM

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত ইউ পি পি এল দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে পূৰ্বৰ বিপিএফ আৰু অবড়ো সুৰক্ষা সমিতিৰ দুৰ্গ স্বৰূপ আনন্দ বজাৰ হাটখোলাত আজি ইউ পি পি এলৰ শালবাৰী ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন দলীয় সভাত আনন্দ বজাৰ, হাটখোলা অঞ্চলৰ বহু সংখ্যক বিপিএফ, অবড়ো সুৰক্ষা সমিতি, গণ সুৰক্ষা সমিতিৰ কৰ্মী সমৰ্থকে ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

বিপিএফৰ সমৰ্থক নয়ন তালুকদাৰ, বন্দনা তালুকদাৰ, গণ সুৰক্ষা পাৰ্টিৰ প্ৰভা দাসৰ লগতে মাধৱী চৌধুৰী, জয়শ্ৰী ভড়ালী, ভাগৱতী তালুকদাৰ, হিমানী দাস, চম্পা ঘোষ, মমতা ঘোষ, মনালিছা উজিৰ, জিতুমণি বৈশ্য, কামাখ্যা কলিতা, ধ্ৰ্ৱ তালুকদাৰ, জগন্নাথ তালুকদাৰ, ৰাজমোহন নাথ, দক্ষ কলিতাকে ধৰি মুঠ ৫৭ গৰাকীয়ে ইউ পি পি এল দলত যোগদান কৰে ৷ নতুনকৈ ইউ পি পি এলত যোগদান কৰা সকলক গামোচাৰে আদৰণি জনায় শালবাৰী সমষ্টিৰ ইউ পি পি এলৰ মনোনীত প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

যোগদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইউ পি পি এলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাৰ্থী বিনোদ মুছাহাৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় সদস্য কনক চন্দ্ৰ বড়ো, শালবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদকদ্বয় জিতেন কলিতা, মুকুন্দ দাস, শালবাৰী জিলা অনুসূচিত জাতি কোষৰ সভাপতি গৌৰচান্দ দাস, জিলা যুৱ শাখাৰ সভাপতি সত্যজিত বড়োৱেও ভাষণ আগবঢ়ায় ৷

প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ভাষণত কয় যে বিটিচিত বিগত ১৭ টা বছৰ ধৰি বিপিএফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ ৰাজনীতি চলিল ৷ কিন্তু ইউ পি পি এল দলে জন্ম লগ্নৰে পৰাই দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, বড়ো-অবড়ো আদি নিকৃষ্ট ৰাজনীতিৰ পৰা ৰাইজক মুক্ত কৰি সুশাসন প্ৰতিষ্ঠাৰ বাবেহে ৰাজনীতি কৰিছে ৷ এইবাৰ বিটিচিত ইউ পি পি এলৰ চৰকাৰ হোৱাৰ লগে লগে অন্ত পৰিব দুৰ্নীতি, অপশাসন, বড়ো-অবড়োৰ ৰাজনীতি ৷ আৰম্ভ হ’ব উন্নয়ন, সমন্বয়ৰ ৰাজনীতিহে ৷”

Exit mobile version