নজিৰবিহীন মন্দাৱস্থাত ভাৰত : বৃদ্ধি পাইছে উদ্বেগ

rbi rep 2 1598874618

এক নজিৰবিহীন মন্দাৱস্থাত প্ৰৱেশ কৰিছে ভাৰত। ৰিজাৰ্ভ বেংকৰ ডেপুটি গভর্ণৰ মাইকেল পাত্রসহ অর্থনীতিবিদৰ দলে এক প্রতিবেদন প্রকাশ কৰে যে চলিত বিত্তীয় বৰ্ষত একেৰাহে দুটা ত্রিমাসিকত ভাৰতীয় অর্থনীতিলৈ স্থলন নামি আহিছে। ফলত অভাৱনীয় প্রত্যাহ্বানৰ মাজেদি আগবাঢ়িছে দেশ। অৱশ্যে পৰিস্থিতিৰ পুনৰুত্থানৰ আশাও প্ৰকাশ কৰিছে অর্থনীতিবিদসকলে। এই সম্পর্ক বিশদ ব্যাখ্যা আগবঢ়াইছে ৰিজাৰ্ভ বেংকে।

‘দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে দেখা দিছে এনে সাময়িক মন্দা (টেকনিকেল ৰিচেছন)ই। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰথমবাৰৰ বাবে প্রকাশ কৰা নাওকাষ্ট’ৰ প্রতিবেদনত এই কথা সদৰী কৰা হৈছে। দেশৰ ইতিহাসত ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত প্ৰথমবাৰৰ বাবে ভাৰতে প্ৰৱেশ কৰে টেকনিকেল ৰিচেছনত। ২৭ নৱেম্বৰত চৰকাৰে এই সম্পর্কে পৰিসংখ্যা প্রকাশ কৰিব। ৰিজাৰ্ভ বেংকে এইদৰে প্ৰকাশ কৰে। ছেপ্টেম্বৰত অন্ত পৰা ত্রিমাসিকত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৮.৬ শতাংশ সংকুচিত হয়।

প্ৰথমবাৰৰ বাবে একেৰাহে দুটাকৈ ত্রিমাসিক ভাৰতীয় অর্থনীতি সংকুচিত হৈছে বুলি ৰিজাৰ্ভ বেংকৰ বিত্তীয় নীতিৰ দায়িত্বত থকা ডেপুটি গভৰ্ণৰ মাইকেল পাত্রসহ অর্থনীতিবিদৰ দলটোৱে প্রকাশ কৰিছে। তেওঁলােকে কয় যে এই পৰিস্থিতিয়ে দেশক এক নজিৰবিহীন মন্দাৱস্থালৈ ঠেলি দিছে। নাওকাষ্ট’ত ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে যে ছেপ্টেম্বৰত অন্ত পৰা ত্রিমাসিকত ভাৰতীয় অর্থনীতি ৮.৬ শতাংশলৈ সংকুচিত হৈছে আৰু এপ্রিলৰ পৰা জুনলৈ ২৪ শতাংশ সংকুচিত হৈছে।

অর্থনীতিবিদৰ দলটোৱে ‘নাওকাষ্ট’ৰ বুলেটিনত এইদৰে প্ৰকাশ কৰে, “আমি এক গভীৰ প্ৰত্যাহ্বানৰ সময়ত বাস কৰিছাে। দেশজুৰি কোটি কোটি লোক কর্মসংস্থাপনহীন বাবে উপভােক্তাই ব্যয় কর্তন কৰিছে। পৰিৱর্তে ধন সাঁচি ৰখাত গুৰুত্ব দিছে। ৰিজাৰ্ভ বেংকৰ বুলেটিনত প্রাথমিক তথ্য অনুসৰি এপ্রিলৰ পৰা জুনলৈ ঘৰুৱা সঞ্চয়ৰ পৰিমাণ আছিল মুঠ জি ডি পিৰ ২১.৪ শতাংশ। ইয়াৰ পূৰ্বৱর্তী বৰ্ষত একেটা সময়তে এই সঞ্চয়ৰ পৰিমাণ আছিল ৭.৯ শতাংশ আৰু জানুৱাৰী-মার্চলৈ আছিল ১০ শতাংশ।

এই সঞ্চয়ৰ অধিকাংশই বেংকত জমা ৰখা ধন। আৰ বি আইৰ সঞ্জয় কুমাৰ হাজদা, অনুপম প্রকাশ আৰু আনন্দ প্রকাশ একাই বুলেটিনত লিখিছে যে সাধাৰণ প্ৰৱণতাতকৈ ঘৰুৱা সঞ্চয়ৰ এই অধিক প্রৱণতা অতিমাৰী হ্রাস নােপােৱা পর্যন্ত আৰু ক্ৰয়ৰ পর্যায় স্বাম্ভাৱিক নােহােৱা পর্যন্ত অব্যাহত থাকিব পাৰে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়তে বিশ্ব অর্থনীতি সমুখলৈ আহিব পৰা বিপদৰ বিষয়েও অর্থনীতিবিদসকলে উল্লেখ কৰে।

Exit mobile version