অমিতাভ বচ্চনৰ পৰা ৰাকুল প্ৰীতি সিঙলৈকে সকলোৱে অনুৰাগীলৈ দিছে দেৱালীৰ শুভেচ্ছা

amitabh bachchan admirer diljit dosanjh 0001

সমগ্ৰ দেশত ধুমধামেৰে পালন কৰা হৈছে পোহৰৰ উৎসৱ দেৱালী ৷ পোহৰ তথা আনন্দৰ উৎসৱ দেৱালী বলীউডৰ বিগ বি অমিতাভ বচ্চন,দিলজিত দোচাঞ্জ, মনোজ বাজপেয়ী,কৰণ জোহৰৰ দৰী অভিনেতাই অনুৰাগীসকলক শুভেচ্ছা জনাইছে।

বলীউডৰ বিগ বি অমিতাভ বচ্চনে পত্নী জয়া বচ্চন আৰু কন্যা শ্ৰেতা বচ্চনৰ সহিতে এখন পুৰণি ফ’টো শ্বেয়াৰ কৰি অনুৰাগীসকললৈ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷বিগ বি অমিতাভ বচ্চন কয় ” দেৱলীৰ এই শুভ ক্ষণত বহু শুভেচ্ছা জনাইছো ।এই দেৱালীয়ে সকলোলৈ লৈ আহক সুখ সমৃদ্ধি আৰু ভাতৃত্ববোধ৷”ইয়াৰ লগতে অমিতাভ বচ্চনে অযোধ্যাৰ ৰাম মন্দিৰৰ ফ’টো শ্বেয়াৰ কৰি কেপশ্বনত লিখে “Happy Diwali” ৷

 

তদুপৰি কৰণ জোহৰে টুটটাৰ যোগেৰে লিখে ” আপোনালোক সকলোলৈ দেৱালীৰ বহুত শুভেচ্ছা “৷ বলীউডৰ অভিনেত্ৰী চোহা আলী খান,লগতে চোহাৰ স্বামী কুণাল খেমু আৰু জীয়ৰী ইনায়াই এখন ফ’টো শ্বেয়াৰ কৰি লিখে “মোৰ ,তোমাৰ আৰু আমাৰ সকলোৰে দেৱালীলৈ শুভেচ্ছা ।”

বলীউড আৰু দক্ষিণ ভাৰতৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙেও সকলোলৈ দেৱালী শুভকামনা জ্ঞাপন কৰে ।আনহাতে মনোজ বাজপেয়ীয়ে লিখে “সকলোলৈ দেৱালীৰ বহুত শুভেচ্ছা”। ঠিক তেনেকৈ দিলজিত দোচাঞ্জে এটি ভিডিঅ’ শ্বেয়াৰ কৰি লিখে” সকলোলৈ দেৱালীৰ বহুত শুভেচ্ছা” ৷

Exit mobile version