হেৰিপ’টাৰৰ চলচ্চিত্ৰৰ দৰেই সেউজ চালজাৰ সাপৰ সন্ধান অৰুণাচলত

WhatsApp Image 2020 11 14 at 5.17.38 PM

দেখিবলৈ সুন্দৰ সাপডালৰ ৰং কেঁচা পাতৰ দৰে সেউজীয়া। সামান্য ৰঙা ৰঙেও আৱৰি ৰাখিছে শৰীৰটো৷ সাপডাল দেখাৰ পাছত জীৱ বিজ্ঞানৰ গৱেষকসকলৰ হেৰিপ’টাৰ উপন্যাসৰ চালজাৰ শ্লাইদাৰিনক বশ কৰা সেউজ বৰণৰ সাপডালৰ কথাই মনলৈ আহে ।জে কে ৰাউলিঙৰ উপন্যাসৰ হগৱাৰ্টৰ প্ৰফেছৰ চালজাৰে এনে সাপৰ স’তে বাৰ্তালাপো কৰিছিল।

উপন্যাসৰ এই সাপডালৰে এইবাৰ বাস্তৱত সন্ধান পোৱা৷গৈছে অৰুণাচল প্ৰদেশৰ ঘন অৰণ্যত ৷ইয়াৰ পাছতে কাল্পনিক সাপডালক লৈ অধিক চৰ্চা আৰম্ভ হৈছে। বাস্তৱত এনে সাপে বশ নামানে বুলিও বিশ্বাস আছে ৷কোনোবা ওচৰলৈ গ’লেই সাপ ডালে ফোঁচ ফোঁচাবলৈ ধৰে ৷খোঁট মাৰিলেই অন্ত পৰে জীৱনৰ ।অতি বিষাক্ত এই সাপৰ দংশনত তৎকালে মগজুৰ সক্ৰিয়তা বন্ধ হৈ পৰে ।

এই সাপ কোব্ৰাৰ গোত্ৰত নপৰে ৷ “ভাইপাৰ” গোত্ৰৰ এই সাপে শৰীৰৰ উত্তাপ নিখুঁতভাৱে অনুভৱ কৰিব পাৰে ৷এই সাপৰ চকুৰ আৰু নাকৰ মাজত সৰু ছিদ্ৰৰ দৰে অতি সংবেদনশীল স্নায়ু থাকে ৷এই স্নায়ুৰ দ্বাৰা কোনো প্ৰাণী শৰীৰৰ উষ্ণ ৰক্তৰ উমান পালেই দংশন কৰে ৷অৰুণাচল প্ৰদেশৰ বন বিভাগৰ এজন বিষয়াই জনোৱা অনুসৰি বিজ্ঞানীয়ে নতুন প্ৰজাতিৰ এই সাপডালৰ নাম ৰাখিছে “চালজাৰ পিট ভাইপাৰ” ৷বৈজ্ঞানিক নাম ট্ৰি মাৰিচ’ৰাছ চালজাৰ” ।

২০১৯ ৰ জুলাইত বাংগালুৰ “নেছনেল চেন্টাৰ অৱ বায়’লজিকেল ছায়েন্স” আৰু বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি”ৰ এটা অধ্যয়নকাৰী দলে অৰুণাচল পাকে ব্যাঘ্ৰ প্ৰকল্পলৈ নতুন প্ৰজাতিৰো সন্ধান লাভ কৰে ৷ইয়াৰ ভিতৰতে এই সেউজ বৰণৰ সাপ। আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এই সাপৰ সন্ধানক লৈ যথেষ্ট আলোচনা হৈছে। সাপডালৰ বৈজ্ঞানিক নামক লৈও চৰ্চা অধিক হৈছে ।জু’লেজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া আৰু দিল্লী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ গৱেষকসকলি সন্ধান লাভ কৰা এই প্ৰাণীৰ মানুহৰ দৰে মুখ আছে ৷ডি এন এ পৰীক্ষাৰ পাছত এই বেংক নতুন প্ৰজাতি হিচাপে স্বীকাৰ কৰা হয়। অৰুণাচলৰ নামটোৰ স’তেও এক ভৌগোলিক ব্যাখ্যা লুকাই আছে ৷

অৰুণাচলতে দেশৰ সূৰ্য উদয় হয় ।নামকৰণ সময়তো ই গুৰুত্ব পাইছিল ৷ইয়াৰ ভিত্তিতে বেংটোৰ নাম ৰখা ইওচ। গ্ৰীচৰ উষাকালৰ দেৱী সম্পূৰ্ণ নাম মাইক্ৰ’হাইলা ইওচ। এই বেং মাইক’হাইলা গোত্ৰৰ ।এই গোত্ৰৰ এই বেং নৱতম সদস্য ৷যোৱা বছৰৰ ছেপ্টেম্বৰত জুটেক্স জাৰ্ণেলত এই সন্ধানৰ কথা প্ৰকাশ পায় ৷ইয়াৰ পাছতে জীৱজগতৰ প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত হয় এই বেং ৷

জীৱ বিজ্ঞানী তথা বিভিন্ন গৱেষকে জনোৱা অনুসৰি ডিমা হাছাওৰ পাহাৰ অঞ্চলত বিচাৰিলে এতিয়াও নতুন প্ৰজাতিৰ সাপ,উভচৰ তথা পতংগ লাভ কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে বাটপথৰ লগতে বিভিন্ন উন্নয়ন মূলক কাম আৰম্ভ হোৱাৰ পাছত এনে ক্ষেত্ৰত প্ৰভাৱ পৰিছে ।অনাগত সময়ত প্ৰাণীবিলাকে অধিক ঘন অৰণ্যলৈ আঁতৰি যোৱাৰ সম্ভাৱনাকো নুই কৰা নাই গৱেষকসকলে ৷

Exit mobile version